ডুমডুমা, 3 জানুৱাৰী :পথ সুৰক্ষাৰ নিয়মাৱলী সমূহ মানি নচলা লোক সকলক সজাগ কৰাৰ উদ্দেশ্যে শনিবাৰে ডুমডুমা আৰক্ষীয়ে পথ সুৰক্ষাৰ বাবে এক সজাগতা অভিযানৰ কাৰ্যসূচী গ্ৰহণ কৰে ৷ ডুমডুমা আৰক্ষীৰ এই অভিযানত NCC ৰ যুৱতী কেডাৰ সকলে সহযোগিতা আগবঢ়াই সকলোকে পথ সুৰক্ষাৰ নিয়মাৱলী সমূহ মানি চলাৰ বাবে আহ্বান জনায় ৷
উক্ত অভিযানত ডুমডুমাৰ লাৰ্নাৰ্চ হাইস্কুল আৰু ডুমডুমা মহাবিদ্যালয়ৰ NCC ৰ কেডাৰ সকলে সহযোগিতা আগবঢ়াই পথ সুৰক্ষাৰ নিয়মাৱলী সমূহ অমান্য কৰা লোক সকলৰ বাহন ৰখাই সেইসকলক নিয়মাৱলী সমূহ মানি চলাৰ বাবে আহ্বান জনায় ৷