অসম

assam

ETV Bharat / state

মৰাণ ছাত্ৰ সন্থাৰ শৈক্ষিক বঁ‌টা প্ৰদান আৰু অভিনন্দন অনুষ্ঠান - মৰাণ ছাত্ৰ সন্থা

এইবৰ্ষৰ উচ্চ আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত মৰাণ জনগোষ্ঠীটোৰ মাজৰ পৰা সু-খ্যাতিৰে উত্তীৰ্ণ হোৱা ১৩০ গৰাকী ছাত্ৰ-ছাত্ৰীক তিনিচুকীয়াত অভিনন্দন আৰু শৈক্ষিক বঁটা প্ৰদান কৰে মৰাণ ছাত্ৰ সন্থাই ৷

Award Distribution programme by Moran Student's Union
মৰাণ ছাত্ৰ সন্থাৰ শৈক্ষিক বঁ‌টা প্ৰদান আৰু অভিনন্দন অনুষ্ঠান

By

Published : Aug 3, 2020, 8:43 PM IST

তিনিচুকীয়া,3আগষ্টঃ সদৌ মৰাণ ছাত্ৰ সন্থাই বিগত বৰ্ষ সমূহৰ দৰে এইবছৰো উচ্চ আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত মৰাণ জনগোষ্ঠীটোৰ মাজৰ পৰা সু-খ্যাতিৰে উত্তীৰ্ণ হোৱা ১৩০ গৰাকী ছাত্ৰ-ছাত্ৰীক অভিনন্দন আৰু শৈক্ষিক বঁটা প্ৰদান কৰে ৷ সোমবাৰে তিনিচুকীয়াৰ বৰগুৰিস্থিত কেন্দ্ৰীয় কাৰ্যালয়ৰ বদৌচা ভৱনত শৈক্ষিক বঁ‌টা প্ৰদান আৰু অভিনন্দন অনুষ্ঠান আয়োজন কৰে ৷

মৰাণ ছাত্ৰ সন্থাৰ শৈক্ষিক বঁ‌টা প্ৰদান আৰু অভিনন্দন অনুষ্ঠান
সাম্প্ৰতিক পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি জনগোষ্ঠীটোৰ পৰা সৰ্বাধিক নম্বৰ প্ৰাপ্ত ৬ গৰাকী ছাত্ৰ-ছাত্ৰীৰ লগতে সমগ্ৰ ৰাজ্যৰ দহটা স্থানৰ ভিতৰত তিনিচুকীয়া জিলাত স্থানপ্ৰাপ্ত ছাত্ৰ-ছাত্ৰীক অভিনন্দন জনায় ৷ মৰাণ জনগোষ্ঠীৰটো ভিতৰতে সৰ্বোচ্চ নম্বৰ লাভ কৰি উজ্জ্বলি উঠা মুঠ ৬ গৰাকী ছাত্ৰ-ছাত্ৰীয়ে জনগোষ্ঠীটোৰ বৰেণ্য ব্যক্তি প্ৰয়াত ৰবীন মৰাণ শৈক্ষিক বঁটা, প্ৰয়াত ঘনকান্ত মৰাণ শৈক্ষিক বঁটা, প্ৰয়াত ভূৱন চুতীয়া শৈক্ষিক বঁটা, প্ৰয়াত মোহন শইকীয়া শৈক্ষিক বঁটা, প্ৰয়াত লিহিং চন্দ্ৰ মহন্ত শৈক্ষিক বঁটা আৰু ড৹ ফটিক চন্দ্ৰ মৰাণ শৈক্ষিক বঁটা লাভ কৰিবলৈ সক্ষম হয় ৷ সদৌ মৰাণ ছাত্ৰ সন্থা আৰু শৈক্ষিক ন্যাস সমিতিয়ে আয়োজন কৰা গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানটোৰ সভাপতিত্ব কৰে সংগঠনটোৰ সভাপতি অৰুণজ্যোতি মৰাণে ৷ অনুষ্ঠানত অতিথি হিচাপে উপস্থিত থাকে জিলা আৰক্ষী অধীক্ষক শিলাদিত্য চেতিয়া, অতিৰিক্ত উপয়ুক্ত মনজিৎ বৰকাকতীকে ধৰি জনগোষ্ঠীটোৰ কেইবাজনো বিশিষ্ট ব্যক্তি।লগতে পঢ়কঃবাঘজান কাণ্ডৰ পুনৰাবৃত্তিৰ পৰা কথমপি ৰক্ষা পৰিল গেলেকী

ABOUT THE AUTHOR

...view details