অসম

assam

ETV Bharat / state

অসমীয়া ভাষাৰ প্ৰেমত এজন অষ্ট্ৰেলিয়াৰ ভাষাবিদ

সুদীৰ্ঘ ২৪ টা বছৰ অসমৰ টাই আহোম, চিংফৌ জনগোষ্ঠীয় ভাষাৰ ওপৰত গৱেষণা কৰি অহা এজন অষ্ট্ৰেলিয়াৰ ভাষাবিদৰ কথাৰে .....

australian linguist stefene morey at margherita
অষ্ট্ৰেলিয়াৰ ভাষাবিদ ষ্ট্ৰিফেন ম'ৰে

By

Published : Feb 1, 2020, 12:53 PM IST

মাৰ্ঘেৰিটা,1ফেব্ৰুৱাৰীঃঅসমীয়া ভাষাৰ প্ৰেমত পৰা এজন অষ্ট্ৰেলিয়াৰ ভাষাবিদষ্ট্ৰিফেন ম'ৰে নামৰ ভাষাবিদগৰাকীয়ে সুদীৰ্ঘ ২৪ টা বছৰে অসমৰ টাই আহোম, চিংফৌ জনগোষ্ঠীয় ভাষাৰ ওপৰত গৱেষণা কৰি আহিছে ৷ বিশ্বৰ বিভিন্ন ক্ষুদ্ৰ সংকটাপন্ন ভাষাৰ বিজ্ঞানসন্মত অধ্যয়ন আৰু সংৰক্ষণৰ বাবে ইংলেণ্ডত গঠন হোৱা এটি ন্যাসৰ উদ্যোগত প্ৰথমবাৰৰ বাবে অসম -অৰুণাচললৈ আহিছিল গৱেষকজন ।

অষ্ট্ৰেলিয়াৰ ভাষাবিদ ষ্ট্ৰিফেন ম'ৰে

১৯৯৬ চনৰ পৰা বৰ্তমানলৈকে ২৪ টা বছৰত নিয়মিতভাৱে অসমলৈ আহি আছে ভাষাবিদগৰাকী ৷ ক্ৰমশঃ চিংফৌ সকলৰ অতি আপোন হৈ পৰে ষ্ট্ৰিফেন ম'ৰে ৷ ভাষাবিদগৰাকী মাহ মাহ জুৰি থাকে অসমতে ৷ চিংফৌ , টাই আহোম তথা টাংচা নাগা ভাষাৰ ওপৰত গৱেষণা কৰি অহা ভাষাবিদজনে ইতিমধ্যে কেইবাখনো অভিধান প্ৰস্তুত কৰিছে । অষ্ট্ৰেলিয়াৰ কেইবাখনো বিশ্ববিদ্যালয়ৰ সহযোগত গঢ়ি তোলা আৰ্কাইভৰ জড়িয়তে সংৰক্ষণ কৰিছে চিংফৌকে ধৰি বিভিন্ন ক্ষুদ্ৰ জনগোষ্ঠীৰ সাধুকথা লোকগীত তথা বিভিন্ন তথ্যসমূহ । চিংফৌ ভাষা সলসলীয়াকৈ ক'ব পৰা ভাষাবিদজনে সম্প্রতি ভঙা ভঙাকৈ ক'ব জানে অসমীয়া ভাষাও ।

লগতে পঢ়কঃজিডিপিৰ হাৰ 6ৰ পৰা 6.5 শতাংশলৈ বৃদ্ধি হোৱাৰ সম্ভাৱনাঃ অৰ্থনৈতিক সমীক্ষা 2019-

ABOUT THE AUTHOR

...view details