তিনিচুকীয়া,3 এপ্ৰিল:সদৌ অসম ছাত্ৰ সন্থাৰ প্ৰাক্তন সাধাৰণ সম্পাদক তথা অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈৰ মাতৃ দুলু গগৈয়ে যোৱা বুধবাৰে ডিব্ৰুগড়ৰ সঞ্জীৱনী হাস্পতালত শেষ নিশ্বাস ত্যাগ কৰে । সকলোৰে অতি মৰমৰ তথা জাতিৰ বাবে চিন্তা কৰা এগৰাকী মাতৃক হেৰুৱাই সকলো মৰ্মাহত হৈছিল ।
লুৰিণৰ মাতৃৰ সোঁৱৰণত গীত মুকলি - দেশ, জাতি
লুৰিণজ্যোতি গগৈৰ মাতৃ দুলু গগৈৰ সোঁৱৰণত গীত মুকলি । কণ্ঠশিল্পী মহেন্দ্ৰ হাজৰিকা আৰু ৰাজীৱ শদিয়াই কণ্ঠদান কৰিছে গীতটোত ৷

লুৰিণজ্যোতিৰ মাতৃ স্বৰ্গীয় দুলু গগৈৰ সোঁৱৰণত গীত মুকলি
লুৰিণজ্যোতি গগৈৰ মাতৃ স্বৰ্গীয় দুলু গগৈৰ সোঁৱৰণত গীত মুকলি
লুৰিণ মাতৃৰ স্মৃতি যুগমীয়া কৰি ৰাখিবলৈ মাত্ৰ এটা দিনতেই এটা গীত ৰচনা কৰি উলিয়ালে জনপ্ৰিয় কণ্ঠশিল্পী মহেন্দ্ৰ হাজৰিকা আৰু ৰাজীৱ শদিয়াই । আছুৰ উপ-সভাপতি বিনয় ডুবেৰ পৰিচালনাত শিল্পী মহেন্দ্ৰ হাজৰিকা আৰু ৰাজীৱ শদিয়াই কণ্ঠদান কৰা গীতটি শুকুৰবাৰে তিনিচুকীয়াৰ ৰয়েল হাইনেঞ্চত উদ্বোধন কৰে আছুৰ সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱাই ৷
লগতে পঢ়ক:ইভিএম বিতৰ্ক : কাৰ্বি আংলং জিলা নিৰ্বাচনী বিষয়াৰ স্থিতি প্ৰকাশ