তিনিচুকীয়া, 13 জুনঃমুখ্যমন্ত্ৰীৰ নিৰ্দেশ অনুসৰি বাঘজানৰ ক্ষতিগ্ৰস্ত অঞ্চল পৰিভ্ৰমণ কৰে অসমৰ কৃষি মন্ত্ৰী অতুল বৰাই ৷ এই ভ্ৰমণৰ জৰিয়তে অঞ্চলটোৰ ক্ষয়-ক্ষতিৰ বুজ লয় ৷ উক্ত অঞ্চলৰ ভূমি এইটো বৰ্ষত খেতিৰ বাবে উপযোগী হৈ থকা নাই বুলি প্ৰকাশ কৰে মন্ত্ৰী গৰাকীয়ে ৷
বাঘজান পৰিভ্ৰমণ কৃষি মন্ত্ৰী অতুল বৰাৰ ইপিনে, অঞ্চলটো ভ্ৰমণৰ সময়ত বাঘজানবাসীৰ ৰোষত পৰে কৃষি মন্ত্ৰী গৰাকী ৷ বাঘজানৰ আশ্ৰয় শিবিৰত থকা ক্ষোভিত ৰাইজে তীৰ্যক বাক্যবানেৰে থকা সৰকা মন্ত্ৰী গৰাকীক ৷ ক্ষোভিত জনতাই মুখ্যমন্ত্ৰী আৰু বিত্ত মন্ত্ৰীক উক্ত অঞ্চল পৰিভ্ৰমণ কৰিবলৈ দাবী জনাই ৷
বাঘজানলৈ অচিৰেই মুখ্য মন্ত্ৰী, বিত্ত মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা, কেন্দ্ৰীয় পেট্ৰ'লিয়াম মন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধান আহিব বুলি সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰে মন্ত্ৰী অতুল বৰায় ৷
আনহাতে, বাঘজান ভ্ৰমণৰ পূৰ্বে, মন্ত্ৰী গৰাকীয়ে তিনিচুকীয়াৰ উপায়ুক্ত কাৰ্যালয়ৰ সভা কক্ষত কেবিনেট মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী, কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলি, সঞ্জয় কৃষাণ, টেৰেচ গোৱালা, বলিন চেতিয়াৰ লগতে জিলা খনৰ বিষয়া সকলৰ উপস্থিতিত এক বৈঠকত মিলিত হয় ৷
লগতে পঢ়কঃ পুত্ৰক উভতাই বিচাৰি হুক হুকাই কান্দি উঠিল মাতৃয়ে