অসম

assam

ETV Bharat / state

দিন-দুপৰতে তিনিচুকীয়াত ব্যৱসায়ীৰ পুত্ৰক হত্যাৰ চেষ্টা - attempt to murder in tinisukia

তিনিচুকীয়া VIP ৰোডৰ এগৰাকী ব্যৱসায়ীৰ পুত্ৰক হত্যাৰ চেষ্টা ৷ দিন-দুপৰতে সংঘটিত এই ঘটনাত গুৰুতৰভাৱে আহত হয় ব্যৱসায়ীগৰাকীৰ পুত্ৰ ৷ এগৰাকী অস্ত্ৰধাৰী যুৱকে কৰিছিল আক্ৰমণ ৷

attempt to murder businessman's son in Tinsukia
দিন-দুপৰতে তিনিচুকীয়াত ব্যৱসায়ীৰ পুত্ৰক হত্যা চেষ্টা

By

Published : Aug 5, 2021, 9:44 PM IST

তিনিচুৰীয়া, 5 আগষ্ট : তিনিচুকীয়া চহৰৰ অন্তৰ্গত VIP ৰোডৰ এগৰাকী ব্যৱসায়ীৰ পুত্ৰক হত্যাৰ চেষ্টা চলোৱাৰ ঘটনাই সমগ্ৰ চহৰখনতে এক চাঞ্চল্যৰ সৃষ্টি কৰিছে ৷ VIP ৰোডৰ প্ৰতিমা এণ্ড চনছ নামৰ এখন ম’বাইল দোকানৰ স্বত্বাধিকাৰীৰ পুত্ৰক হত্যাৰ চেষ্টা কৰে এজন যুৱকে ৷ বৃহস্পতিবাৰে আবেলি সংঘটিত হয় এই ঘটনা ৷

স্থানীয় লোকে সদৰী কৰা মতে, ম’বাইল দোকানখনৰ স্বত্বাধিকাৰী শিৱ শংকৰ দে’ৰ পুত্ৰ অংশুমান দে’ক বাবলু নামৰ এজন যুৱকে চোকা অস্ত্ৰৰে হত্যা কৰাৰ চেষ্টা কৰে ৷ লগতে দোকানখনৰ বহু সামগ্ৰী ভাঙি লণ্ড-ভণ্ড কৰে ৷ অংশুমানে চিঞৰ-বাখৰ কৰাত স্থানীয় ৰাইজে দোকানখনত ভীৰ কৰে ৷ লগে লগে ঘটনাস্থলীৰ পৰা বাবলু নামৰ যুৱকজনে পলায়ন কৰে ৷

লগতে পঢ়ক: শান্তিৰ বাৰ্তা লৈ চাৰ্টাৰ্ড বিমানেৰে অসমৰ দুই মন্ত্ৰী মিজোৰামত

ঘটনা সন্দৰ্ভত স্থানীয় লোকে তাৎক্ষণিকভাৱে হিজুগুৰি আৰক্ষীক খবৰ দিয়ে যদিও আৰক্ষী প্ৰায় এঘণ্টা পলমকৈ ঘটনাস্থলীত উপস্থিত হয় ৷ সেয়ে আৰক্ষীৰ বিৰুদ্ধে ক্ষোভ প্ৰকাশ কৰে স্থানীয় লোকে ৷ উল্লেখ্য যে, ঘটনাটো সংঘটিত হোৱাৰ তিনি ঘণ্টা পাৰ হৈ যোৱাৰ পাচতো বাবলু নামৰ যুৱকজনক হিজুগুৰি আৰক্ষীয়ে আটক কৰিবলৈ সক্ষম নহয় ৷ যাৰ ফলত ক্ষোভিত হৈ পৰে অঞ্চলটোৰ লোকসকল ৷

তিনিচুকীয়াত ব্যৱসায়ীৰ পুত্ৰক হত্যাৰ চেষ্টা

লগতে পঢ়ক: কাক ‘উগ্ৰপন্থী’ সজালে বিধানসভাৰ অধ্যক্ষই ?

উত্তেজিত লোকসকলে থানা ঘেৰাও কাৰ্যসূচী হাতত লৈ হিজুগুৰি থানাৰ চৌহদ উত্তাল কৰি তোলে ৷ অৱশেষত তিনিচুকীয়া সদৰ থানাৰ ভাৰপ্ৰাপ্ত বিষয়া ঘটনাস্থলীত উপস্থিত হৈ দোষীক কৰায়ত্ব কৰাৰ আশ্বাস প্ৰদান কৰি পৰিস্থিতি নিয়ন্ত্ৰণ কৰে ৷ পৰৱৰ্তী সময়ত আৰক্ষীয়ে ৰুহিদ দাস নামৰ এজন যুৱকক সোধ-পোচৰ বাবে থানালৈ আনে ৷ অৱশেষত আৰক্ষীয়ে প্ৰাথমিক তদন্তৰ অন্তত অভিযুক্ত বাবলুক আটক কৰিবলৈ সক্ষম হয় ৷

লগতে পঢ়ক: পঞ্জাৱৰ মুখ্যমন্ত্ৰীৰ মুখ্য উপদেষ্টা পদ ত্যাগ প্ৰশান্ত কিশোৰৰ

ABOUT THE AUTHOR

...view details