শদিয়া , 1 ডিচেম্বৰঃ শদিয়াস্থিত অসম অৰুণাচল সীমান্তৱৰ্তী শান্তিপুৰ গেটত উত্তপ্ত পৰিস্থিতি ৷ অসমৰ পৰা অৰুণাচল প্ৰদেশৰ ৰয়িঙলৈ শাক পাচলি বিক্ৰী কৰিবলৈ যোৱা বহুলোকৰ ওপৰত শাৰীৰিক আক্ৰমণ চলালে অৰুণাচলী ছাত্ৰ-সংগঠনৰ নেতা কৰ্মীয়ে ৷ প্ৰাপ্ত তথ্য মতে, দেওবাৰে অৰুণাচলৰ ইদু-মিচিমি ছাত্ৰ সন্থাই শদিয়াৰ পৰা যোৱা 100 জন পাচলি বেপাৰীক ৰয়িং অঞ্চলত মাৰ-ধৰ কৰে ৷
অৰুণাচলত বন্দী অসমৰ 70 জন পাচলি ব্যৱসায়ী - attack on assamese people in arunachal pradesh
আন্ত:ৰাজ্যিক পাৰপত্ৰ নথকাৰ অভিযোগত অসমৰ বেপাৰীৰ ওপৰত আক্ৰমণ ইদু-মিছিমি ছাত্ৰ সন্থাৰ ৷ ঘটনাক কেন্দ্ৰ কৰি পৰিস্থিতি অৱনতি হোৱাৰ আশংকা ৷
লোকসকলৰ হাতত আন্ত:ৰাজ্যিক পাৰপত্ৰ নথকাৰ অভিযোগত ইদু-মিচিমি ছাত্ৰ সন্থাই লোকসকলক আক্ৰমণ কৰে বুলি জানিব পৰা গৈছে ৷ ভুক্তভোগী ১০০জনৰ ভিতৰত ৩০জন পুৰুষ-মহিলাই ঘটনাস্থলীৰ পৰা পলাই আহি শান্তিপুৰত উপস্থিত হৈছে ৷ উল্লেখযোগ্য যে , 70 জন লোকক এতিয়াও অৰুণাচলত বন্দী কৰি ৰাখিছে ইদু-মিচিমি ছাত্ৰ সন্থাই ৷ বন্দী হৈ থকা ব্যৱসায়ী কেইজনৰ মুক্তিৰ দাবীত ইতিমধ্যে শদিয়া শান্তিপুৰত অৰুণাচলৰ পৰা অহা গাড়ী সমূহ ৰখাই প্ৰতিবাদ আৰম্ভ কৰিছে স্থানীয় লোকসকলে ৷ চৰকাৰ অথবা প্ৰশাসনে শীঘ্ৰে ব্যৱস্থা গ্ৰহণ নকৰিলে অঞ্চলটোত পৰিস্থিতি অধিক অৱনতি হোৱাৰ আশংকা আছে ৷
লগতে পঢ়কঃ কেবৰ বিৰুদ্ধে সমৰ্থন আদায়ৰ স্বাৰ্থত সাংসদ-বিধায়কৰ কাষত কটনিয়ান