তিনিচুকীয়া, ২৩ ফেব্ৰুৱাৰী: সদৌ তাই আহোম ছাত্ৰ সন্থাৰ (আটাছু) তিনিচুকীয়া জিলা সমিতিয়ে অহা ২৫ ফেব্ৰুৱাৰীৰ পৰা ৭ দিনীয়া কাৰ্যসূচীৰে কয়লা সৰবৰাহৰ অৱৰোধ কাৰ্যসূচী ঘোষণা কৰিছে (Block coal supply of ATASU)। অবৈধ কয়লা সৰবৰাহ বন্ধৰ কাৰণে প্ৰতিবাদ সাব্যস্ত কৰাৰ লগতে জিলা উপায়ুক্ত, মুখ্যমন্ত্ৰীক স্মাৰকপত্ৰ প্ৰদান কৰাৰ পাছতো কোনো গুৰুত্ব প্ৰদান নকৰাত এই আন্দোলনৰ কাৰ্যসূচী ঘোষণা কৰে । বুধবাৰে সদৌ তাই আহোম ছাত্ৰ সন্থাৰ তিনিচুকীয়া জিলা সমিতিয়ে এক সংবাদমল যোগে এই আন্দোলনৰ কাৰ্যসূচীৰ কথা ঘোষণা কৰে ।
সদৌ তাই আহোম ছাত্ৰ সন্থাৰ তিনিচুকীয়া জিলা সমিতিৰ সভাপতি যতীন বুঢ়াগোহাঁই আৰু সাধাৰণ সম্পাদক নয়ন বুঢ়াগোঁহাই এই সন্দৰ্ভত কয় যে অহা দুদিনৰ ভিতৰত যদি জিলা প্ৰশাসনে কোনো বিহিত ব্যৱস্থা গ্ৰহণ নকৰে তেন্তে ২৫ ফেব্ৰুৱাৰীৰ পৰা সপ্তাহজোৰাকৈ কয়লা সৰবৰাহ অৱৰোধ কাৰ্যসূচী ৰূপায়ণ কৰিব (Press conference of ATASU in Tinsukia) ৷ সমান্তৰালভাৱে শুকানী গাঁৱৰ প্ৰাঞ্জল মৰাণৰ নিৰুদ্দেশ সন্দৰ্ভত আজি পৰ্যন্ত কোনো তদন্ত নোহোৱাত এইক্ষেত্ৰত জিলা প্ৰশাসন, আৰক্ষীয়ে বিহিত ব্যৱস্থা গ্ৰহণ কৰাৰ দাবী জনাইছে সংগঠনটোৱে ।
লগতে সদৌ তাই আহোম ছাত্ৰ সন্থাৰ তিনিচুকীয়া জিলা সমিতিয়ে প্ৰাঞ্জল মৰাণৰ পৰিয়ালক উপযুক্ত ক্ষতিপূৰণ প্ৰদান কৰাৰ দাবী জনাইছে ৷ জিলা সমিতিৰ সভাপতি যতীন বুঢ়াগোহাঁই আৰু সাধাৰণ সম্পাদক নয়ন বুঢ়াগোঁহাইয়ে কয় যে যেতিয়ালৈকে অবৈধভাৱে কয়লাৰ বেহা চলি থাকিব তেনেকৈয়ে আৰু বহুজন প্ৰাঞ্জলৰ মৃত্যু ঘটিব ৷ এনে অবৈধ কয়লাৰ খনন আৰু সৰবৰাহ অতি সোনকালে বন্ধ কৰাৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈকো প্ৰশাসনক জিলা সমিতিয়ে দাবী জনাইছে ৷