তিনিচুকীয়া/ধেমাজি: ৭৭১ গৰাকী অসম পৰিবহন নিগমৰ কৰ্মচাৰীয়ে অবৈধভাৱে চাকৰি লোৱাৰ অভিযোগত বুধবাৰে এক জাননীযোগে অব্যাহতি দিয়ে চৰকাৰে ৷ চৰকাৰৰ এই সিদ্ধান্তৰ পাচতেই এতিয়া কৰ্মচাৰীসকলৰ মাজত লাগিছে হাহাকাৰ ৷ অব্যাহতি দিয়া কৰ্মচাৰীসকলক পুনৰ চাকৰিত মকলৰ কৰাৰ দাবীত আজি জিলাই জিলাই সাব্যস্ত কৰিছে প্ৰতিবাদ (ASTC employee fired) ৷
এই ৭৭১ গৰাকী কৰ্মচাৰীৰ ভিতৰত আছে তিনিচুকীয়া জিলাৰ পৰিবহন নিগমৰ কাৰ্যালয়ৰ ৮৩ গৰাকী কৰ্মচাৰী ৷ বুধবাৰে তিনিচুকীয়াৰ এই কৰ্মচাৰীসকলে ৰাজ্যৰ মুখ্যমন্ত্ৰীক বিষয়টো পুনৰ বিবেচনা কৰিবলৈ অনুৰোধ জনোৱাৰ সমান্তৰালভাৱে পুৱা ১০ বজাৰ পৰা কৰ্মবিৰতি পালন কৰে ৷ এই কৰ্মচাৰীসকলৰ পৰিয়ালৰ কথা চিন্তা কৰি মুখ্যমন্ত্ৰীক বিষয়টো বিবেচনা কৰাৰ আহ্বান (ASTC employee protest in Tinsukia) ৷
কৰ্মবিৰতি পালন কৰা কৰ্মচাৰীসকলে কয় যে তেওঁলোকে লাভ কৰা চাকৰিৰ বিজ্ঞাপন যদি বাতৰি কাকতত প্ৰকাশ নাছিল, তেন্তে তেওঁলোকৰ ইয়াত কোনো ভুল নাই ৷ ভুল কৰিছে শীৰ্ষ বিষয়াসকলে ৷ শীৰ্ষ বিষয়াৰ ভুলৰ বাবে শাস্তি নিদিবৰ বাবেও আহ্বান জনায় তেওঁলোকে (ASTC recruitment scam) ৷