শদিয়া, 29 জুনঃ ভাৰতীয় সেনাই আছু নেতাসহ পাঁচজনক নিৰ্মমভাৱে হত্যা কৰাৰ ২৫ বছৰ উকলি গ'ল যদিও বৰ্তমানেও শ্বহীদৰ পৰিয়ালে লাভ নকৰিলে ক্ষতিপূৰণ তথা সংস্থাপন ৷ তেতিয়াৰ আছুৰ সভাপতি তথা বৰ্তমানৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে সেইসময়ত তীব্ৰ আন্দোলন কৰাৰ লগতে পাঁচ লাখকৈ ক্ষতিপূৰণৰ দাবী জনাইছিল চৰকাৰক ৷ কিন্তু মুখ্যমন্ত্ৰী হৈও প্ৰতিশ্ৰুতি পূৰণ কৰিবলৈ সক্ষম নোহোৱাত ক্ষোভিত হৈ পৰিছে আছু তথা পঞ্চ শ্বহীদৰ পৰিয়ালবৰ্গ ৷
পঞ্চ শ্বহীদৰ পৰিয়ালৰ ক্ষতিপূৰণৰ দাবীত ডাঙৰীত অৱস্থান ধৰ্মঘট - শদিয়া
আছুৰ সভাপতি হৈ থকাৰ সময়তে ডাঙৰীৰ পঞ্চ শ্বহীদৰ পৰিয়ালক ক্ষতিপূৰণৰ লগতে সংস্থাপনৰ প্ৰতিশ্ৰুতি দিছিল মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে ৷ কিন্তু মুখ্যমন্ত্ৰী হৈ সেই প্ৰতিশ্ৰুতি ৰক্ষা কৰিবলৈ সক্ষম নোহোৱাত ক্ষোভিত হৈ পৰিছে আছু তথা পঞ্চ শ্বহীদৰ পৰিয়ালবৰ্গ ৷
![পঞ্চ শ্বহীদৰ পৰিয়ালৰ ক্ষতিপূৰণৰ দাবীত ডাঙৰীত অৱস্থান ধৰ্মঘট](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-3697057-thumbnail-3x2-pp.jpg)
পঞ্চ শ্বহীদৰ পৰিয়ালৰ ক্ষতিপূৰণৰ দাবীত ডাঙৰীত অৱস্থান ধৰ্মঘট
পঞ্চ শ্বহীদৰ পৰিয়ালৰ ক্ষতিপূৰণৰ দাবীত ডাঙৰীত অৱস্থান ধৰ্মঘট
শনিবাৰে অৱস্থান ধৰ্মঘটৰ যোগেদি আছুৱে পাঁচ লাখকৈ ক্ষতিপূৰণৰ লগতে যোগ্যতা অনুযায়ী পৰিয়ালৰ লোকক সংস্থাপন, দোষীক কি শাস্তি বিহা হ'ল তাক স্পষ্ট কৰিবলৈ আহ্বান জনায় ৷ শনিবাৰে দুঘন্টীয়া অৱস্থান ধৰ্মঘটত পঞ্চ শ্বহীদৰ পৰিয়ালে অংশগ্ৰহণ কৰি মুখ্যমন্ত্ৰীয়ে দিয়া প্ৰতিশ্ৰুতি ৰক্ষা কৰিবলৈ অনুৰোধ জনায় ৷