তিনিচুকীয়া, 27 জুন :তিনিচুকীয়াৰ তিনিকোণীয়া তামোলবাৰীস্থিত সহকাৰী শ্ৰম আয়ুক্তৰ নৱ নিৰ্মিত কাৰ্যালয় (Assistant labour commissioner office)টো দেওবাৰে আনুষ্ঠানিকভাবে মুকলি কৰা হয় ৷ সহকাৰী শ্ৰম আয়ুক্তৰ কাৰ্যালয়টো উদ্বোধন কৰে ৰাজ্যৰ শ্ৰম কল্যাণৰ মন্ত্ৰী তথা তিনিচুকীয়া সমষ্টিৰ বিধায়ক সঞ্জয় কিষানে (Sanjay Kishan) । মন্ত্ৰী সঞ্জয় কিষান কাৰ্যকালত ২০১৯ চনৰ ১৯ জুনত সহকাৰী শ্ৰম আয়ুক্তৰ কাৰ্যালয় নিৰ্মাণৰ কাম আৰম্ভ হৈছিল ৷ কাৰ্যালয়টো নিৰ্মাণৰ বাবে ২,০৮,০৮,৮৯৮ টকা আৱন্টন দিয়া হৈছিল ৷
উল্লেখ্য যে, তিনিচুকীয়া জিলাত মন্ত্ৰী সঞ্জয় কিষানৰ কাৰ্যকালত বহু উন্নয়নমূলক কাম কৰা পৰিলক্ষিত হৈছে । উদ্বোধন অনুষ্ঠান উপস্থিত থাকি মন্ত্ৰী সঞ্জয় কিষানে কাৰ্যালয়টো দুবছৰৰ ভিতৰতে নিৰ্মাণ কৰি উলিওৱাৰ বাবে সকলোকে ধন্যবাদ জ্ঞাপন কৰে ৷ তেওঁ লগতে ৰাজ্যত মুঠ 15 টা সহকাৰী শ্ৰম আয়ুক্তৰ কাৰ্যালয় নিৰ্মাণ কৰা কথা জানিবলৈ দিয়ে ৷ মন্ত্ৰীগৰাকীয়ে ৰাজ্যৰ বিভিন্ন খণ্ডত কাম কৰা শ্ৰমিকসকলক প্ৰয়োজনীয় সকলো ধৰণৰ সহযোগিতা প্ৰদানৰ বাবে বিভাগটোৰ বিষয়াক নিৰ্দেশ দিয়াৰ কথা জানিবলৈ দিয়ে ৷