তিনিচুকীয়া, 14 মে': ৰাজস্থানত ৰহস্যজনকভাৱে মৃত্যু তিনিচুকীয়াৰ এজন যুৱকৰ ৷ ঘটনা সন্দৰ্ভত জানিব পৰা মতে, ধলা আৰক্ষী থানাৰ অন্তগৰ্ত ছৈখোৱা অঞ্চলৰ নঃবৰমুড়া গাৱঁৰ নিৱাসী জয়চান্দ দেবনাথৰ পুত্ৰ সুনীল দেবনাথ (২৮) নামৰ যুৱকজন ৰাজস্থানৰ জাযৰ জিলাৰ এটা ব্যক্তিগত কোম্পানীত নিয়োজিত হৈ আছিল ।
১২ মে'ৰ নিশা কেইজনমান বন্ধুৰ লগত নৈশ ভোজ কৰাৰ সময়ত অৰুণ ছেত্ৰী নামৰ এজন বন্ধুৰ সৈতে বাক-যুদ্ধত লিপ্ত হয় সুনীল দেবনাথ ৷ বহু সময় পিছত পৰিস্থিতি শান্ত হোৱাত শুবলৈ যায় সুনীল দেবনাথ ৷ পৰৱৰ্তী সময়ত পুৱা চিপ লোৱা অৱস্থাত উদ্ধাৰ হয় সুনীলৰ মৃতদেহ ৷ উক্ত ঘটনাৰ বিষয়ে সুনীলৰ পৰিয়ালক ফোনযোগে অৱগত কৰাত শোকত ভাগি পৰে পৰিয়ালৰ লোকসকল ।