অসম

assam

ETV Bharat / state

Assam man marries French girl: তিনিচুকীয়াৰ কাকপথাৰলৈ বোৱাৰী হৈ আহিল ফ্ৰান্সৰ জুলি - প্ৰেমে নামানে কোনো ভৌগোলিক সীমা

অসমৰ এগৰাকী বোৱাৰী হৈ আহিল ফ্ৰান্সৰ জুলি ভেনহোভ ৷ নৱবৰ্ষৰ প্ৰথম দিনটোতে তিনিচুকীয়াৰ কাকপথাৰৰ লীলাকান্ত চেতিয়া আৰু অঞ্জলী চেতিয়াৰ ঘৰ গচকিলে বিদেশী বোৱাৰীয়ে (Assamese man married woman from France)৷

Etv Bharat
Etv Bharat

By

Published : Jan 4, 2023, 12:54 PM IST

তিনিচুকীয়াৰ কাকপথাৰলৈ বোৱাৰী হৈ আহিল ফ্ৰান্সৰ জুলি ভেনহোভ

তিনিচুকীয়া, 4 জানুৱাৰী: প্ৰেমে নামানে কোনো বাধা, প্ৰেমে নামানে কোনো ভৌগোলিক সীমা ৷ সেয়াই যেন পুনৰ প্ৰমাণিত কৰিলে কাকপথাৰৰ যুৱক প্ৰাঞ্জল চেতিয়া আৰু ফ্ৰান্সৰ যুৱতী জুলি ভেনহোভ যুটিয়ে ৷

নৱবৰ্ষৰ প্ৰথম দিনটোতে তিনিচুকীয়াৰ কাকপথাৰৰ বোৱাৰী হ’লহি সাত সাগৰ সিপাৰৰ এগৰাকী বিদেশী জীয়াৰীয়ে ৷ ফ্ৰান্সৰ জীয়াৰী এতিয়া কাকপথাৰ কৈলাসপুৰৰ বোৱাৰী ৷ বিদেশী বোৱাৰীয়ে কাকপথাৰ গছকাৰ পাছতে উদুলি মুদুলি পৰিৱেশে বিৰাজ কৰিছে অঞ্চলটোত ৷

যাৰ ফলত নৱবৰ্ষৰ আনন্দ উল্লাস দুগুনে বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে ৷ তিনিচুকীয়া জিলাৰ কাকপথাৰৰ অসম অৰুণাচল সীমান্তত অৱস্থিত এখন গাঁও হৈছে কৈলাসপুৰ ৷ নৱবৰ্ষৰ প্ৰথম দিনটোতে গাঁওখনলৈ সাত সাগৰ পাৰ হৈ আহিল সুদূৰৰ এগৰাকী নতুন সদস্য ৷ গাঁওবাসীয়ে ঢোলে-দগৰে আদৰিলে নতুন আলহীগৰাকীক ৷ ঘৰখনত এতিয়া অতিথিৰ ভিৰ ৷

এগৰাকী অসমীয়া যুৱকে প্ৰেমৰ সূত্ৰে বিবাহ কৰি আনিলে এগৰাকী ফ্ৰান্সৰ যুৱতীক ৷ গাঁওখনৰ লীলাকান্ত চেতিয়া আৰু অঞ্জলী চেতিয়াৰ পুত্ৰ প্ৰাঞ্জল চেতিয়াই বিয়া কৰালে ফ্ৰান্সৰ যুৱতী জুলি ভেনহোভক (Assam man marries French girl) ৷ উল্লেখ্য যে বৰ্তমান আয়াৰলেণ্ডত কৰ্মৰত প্ৰাঞ্জলৰ কৰ্মস্থলীতে প্ৰথম সাক্ষাৎ হৈছিল জুলিৰ সৈতে ৷ জুলি যদিও জন্মসূত্ৰে ফ্ৰান্সৰ , কিন্তু জুলিৰ সৈতে তেওঁৰ পৰিয়াল এতিয়া ইউৰোপৰ আয়াৰলেণ্ডৰ স্থায়ী বাসিন্দা ৷

নিজ কৰ্মস্থলীতে প্ৰাঞ্জল আৰু জুলিৰ সাক্ষাৎ হয় ৷ এই সাক্ষাতে পৰৱৰ্তী সময়ত ৰূপ লয় প্ৰেমৰ আৰু সেই প্ৰেমৰ সাক্ষীস্বৰূপে এতিয়া বিবাহপাশত আৱদ্ধ হৈ পৰিছে দুয়োজন ৷ তিনিচুকীয়াৰ কাকপথাৰ কৈলাসপুৰ গাঁৱৰ নিজ ঘৰখনত প্ৰৱেশ কৰাৰ পাছতে সম্পূৰ্ণ বৈদিক ৰীতি নীতি পৰম্পৰাৰে পিতৃ মাতৃক সেৱা জনাই দুয়ো যুগ্ম জীৱনৰ বাবে আশীষ লয় ৷ অহা ২২ জানুৱাৰীৰ দিনা কাকপথাৰৰ নিজ ঘৰখনত বিবাহ অভ্যৰ্থনা অনুষ্ঠিত কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে দুয়োজনে (Kakopather Man married France woman) ৷

৬ ফেব্ৰুৱাৰীত দুয়ো পুনৰ আয়াৰলেণ্ডলৈ যাত্ৰা কৰিব বুলি জানিবলৈ দিয়ে ৷ প্ৰাঞ্জলৰ মাতৃৰ লগতে প্ৰাঞ্জলৰ পৰিয়ালৰ সকলো সদস্য এতিয়া বিদেশৰ বোৱাৰী পাই সুখী বুলি মন্তব্য কৰিছে ৷ এটা দুটাকৈ অসমীয়া ক’বলৈও শিকিছে বিদেশী বোৱাৰী জুলিয়ে ৷ ঘৰখনৰ লগতে গাঁওখনৰ লোকসকলক আঁকোৱালি লবলৈ চেষ্টা কৰিছে জুলিয়ে ৷

সূদুৰ আয়াৰলেণ্ডৰ পৰা আহি অসমৰ চহা গাঁৱৰ জীৱনৰ সৈতে মিলিবলৈ যত্ন কৰিছে জুলিয়ে ৷ অসমবাসীৰ মৰম-অভ্যৰ্থনাত আপ্লুত হৈ পৰিছে ফ্ৰান্সৰ যুৱতী তথা অসমৰ বোৱাৰী জুলিয়ে ৷ সম্প্ৰতি এই যুটিয়ে বিশেষ চৰ্চা লাভ কৰা পৰিলক্ষিত হৈছে সংবাদ মাধ্যমৰ লগতে সামাজিক মাধ্যমত ৷ প্ৰাঞ্জল আৰু জুলিৰ সম্বন্ধ চিৰ যুগমীয়া হোৱাৰ কামনা কৰিছে সকলোৱে ৷

লগতে পঢ়ক:Trade Seminars in Guwahati: মণিৰাম দেৱান ট্ৰেড চেণ্টাৰত বিশেষ বাণিজ্যিক আলোচনা চক্ৰ

ABOUT THE AUTHOR

...view details