তিনিচুকীয়া, 30 এপ্ৰিল:আলফা স্বাধীনৰ মেজৰ জেনেৰেল, বিত্ত সচিব জীৱন অসম ওৰফে গুণত মৰাণ ওৰফে গুণত ডাঙৰীয়া সন্দৰ্ভত আলফা স্বাধীনৰ সৰ্বাধিনায়কে দিয়া বিবৃত্তিৰ পাছত থকা ৰহস্য ক্ৰমাৎ উন্মোচিত হৈছে। খবৰ অনুসৰি, বুুধবাৰে অৰুণাচল প্ৰদেশৰ টিৰাপ জিলাৰ খোনচা নিকটৱৰ্তী লাজুৰ পৰা ভাৰতীয় সেনাৰ থ্ৰী কৰ্পছে জিম্মাত লৈছিল আলফাই অব্যাহতি প্ৰদান কৰা জীৱন মৰাণক।
উল্লেখ্য যে, প্ৰথম মহাসমৰৰ কালত বিদেশ ভূমি মেছোপ’তেমিয়াত জন্ম লাভ কৰা ৱেষ্টাৰ্ণ এছিয়া টাইগ্ৰিছ কৰ্পছটোৰ মুখ্য কাৰ্যালয়টো আছে নাগালেণ্ডৰ ৰাজধানী ডিমাপুৰৰ ৰাঙ্গাপাহাৰত। ইষ্টাৰ্ণ কমাণ্ডৰ অংশ কাউণ্টাৰ-ইনছাৰ্জেঞ্চী কৰ্পছটোৱে কেনে বিচক্ষণতাৰে আলফা স্বাধীনে অব্যাহতি দিয়া শীৰ্ষ নেতাজনক নিজৰ জিম্মালৈ নিছে সেয়াও তাৎপৰ্যপূৰ্ণ বিষয় হৈ পৰিছে।
ইফালে, আলফাৰ সৰ্বাধিনায়ক ড৹ অভিজিৎ অসমে সামাজিক মাধ্যম যোগে দিয়া বিবৃতি অনুসৰি, স্বাস্থ্যজনীত কাৰণত সুচিকিৎসাৰ বাবে অব্যাহতি দিয়া হৈছে বুলি উল্লেখ কৰিলেও আলফাৰ জ্যেষ্ঠ নেতাজনক অব্যাহতি দিয়া কাৰ্যক পৰিস্থিতিৰ ওপৰত ভূ-ৰখা মহলে সহজভাৱে ল'ব পৰা নাই।
তেওঁলোকৰ মতে দৃষ্টি ৰাজখোৱাৰ অব্যাহতিৰ কাৰণ আৰু বিবৃত্তিৰ সতে জীৱন মৰাণৰ অব্যাহতিৰ মাজত ভিন্নতা পৰিলক্ষিত হৈছে ৷ য’ত জীৱন মৰাণৰ জীৱনজোৰা অৱদানৰ কথা উল্লেখেই কৰা হোৱা নাই। আৰু কোৱা হৈছে যে আলফাৰ মজিয়াৰ পৰাও বিভিন্ন নেতাক বিদেশত সু-চিকিৎসা প্ৰদানৰ নজিৰ থকাৰ পাছতো জীৱন মৰাণৰ দৰে জ্যেষ্ঠ নেতাৰ ক্ষেত্ৰত তেনে পদক্ষেপ গ্ৰহণ কৰা দেখা নগ'ল ৷