অসম

assam

ETV Bharat / state

গণতন্ত্ৰ চতুৰ্থ স্তম্ভক দুৰ্বৃত্তৰ আক্ৰমণ

অতিশীঘ্ৰে সাংবাদিক তথা ৰাজ্যৰ সকলো জাতি-জনগোষ্ঠীকে উপযুক্ত নিৰাপত্তা দি, শান্তি-শৃংখলা ৰক্ষাৰ ক্ষেত্ৰত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল নেতৃত্বাধীন চৰকাৰ খনক সকীয়াই দিয়ে দল সংগঠনে ।

গণতন্ত্ৰ চতুৰ্থ স্তম্ভক দুৰ্বৃত্তৰ আক্ৰমণ

By

Published : Apr 26, 2019, 10:24 PM IST


তিনিচুকীয়া, ২৬ এপ্ৰিলঃ তিনিচুকীয়া আৰু নলবাৰীত দুগৰাকীকৈ সাংবাদিকক আক্ৰমৰ বিৰুদ্ধে বিশ্বনাথ জিলা AAPCO (আপকু)ৰ প্ৰতিবাদ । দোষীক কৰায়ত্ব কৰি কঠোৰ শাস্তিৰ দাবী সংগঠনটোৰ বিষয়ববীয়াৰ ।

গণতন্ত্ৰ চতুৰ্থ স্তম্ভক দুৰ্বৃত্তৰ আক্ৰমণ

উল্লেখ্য যে, ৰাজেন ডেকা আৰু উপাসনা শৰ্মা নামৰ সাংবাদিকক দুৰ্বৃত্তই গুৰুতৰ ভাৱে আহত কৰা ঘটনাৰ বিৰুদ্ধে ৰাজ্যৰ বিভিন্ন দল সংগঠনে প্ৰতিবাদ কৰাৰ লগতে ঘটনাৰ লগত জড়িত লোকক কঠোৰতম শাস্তিৰ দাবী প্ৰতিবাদী দল সংগঠনৰ । কিন্তু কোনো পদক্ষেপ নাই চৰকাৰৰ লগতে প্ৰশাসনৰ । উক্ত ঘটনাৰ লগত জড়িত দোষীক এতিয়ালৈ গ্ৰেপ্তাৰ কৰিব পৰা প্ৰশাসনে । চূড়ান্ত ভাৱে ব্যৰ্থ হৈছে ৰাজ্যৰ প্ৰশাসন ব্যৱস্থা । গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভক খৰ্ব কৰা জনপ্ৰতিনিধিকো চৰকাৰ তথা প্ৰশাসনে কোনো ব্যৱস্থা গ্ৰহণ নকৰাত ক্ষুব্ধ হৈ পৰিছে প্ৰতিটো জাতীয় দল সংগঠন । অতিশীঘ্ৰে সাংবাদিক তথা ৰাজ্যৰ সকলো লোককে উপযুক্ত নিৰাপত্তা দি শান্তি-শৃংখলা ৰক্ষাৰ ক্ষেত্ৰত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল নেতৃত্বাধীন চৰকাৰ খনক সকীয়াই দিয়ে বিশ্বনাথ জিলা আপকু সভানেতী প্ৰণীতা ৰায় ভূঞাৰ লগতে বিভিন্ন দল সংগঠনে । লগতে অতি শীঘ্ৰে দোষীক কৰায়ত্ব কৰি উপযুক্ত শাস্তিৰ দাবী ৰাজ্যৰ প্ৰতিটো দল সংগঠনৰ ।

অধিক জানিবলৈ-মুকালমুৱাত আক্ৰমণৰ বলি সাংবাদিক

ABOUT THE AUTHOR

...view details