অসম

assam

ETV Bharat / state

Assam Mega Bihu Dance: বিহু নৃত্যৰে বিশ্ব অভিলেখ গঢ়াৰ চেষ্টা; তিনিচুকীয়াত বিশেষ বৈঠক

গীনিজ বুক অৱ ৱৰ্ল্ড ৰেকৰ্ডছৰ বাবে গুৱাহাটীত হ’বলগীয়া বিহু নৃত্য প্ৰদৰ্শনীৰ বাবে ইতিমধ্যেই আৰম্ভ হৈছে আখৰা ৷ এই সন্দৰ্ভত তিনিচুকীয়াত জিলা উপায়ুক্তৰ কাৰ্যালয়ত অনুষ্ঠিত হয় এক বিশেষ সভা ৷ তিনিচুকীয়া জিলাৰ প্ৰতিটো সমষ্টিৰ পৰা 70 গৰাকী বিহুৱতী আৰু 30 গৰাকী বিহুৱা এই মেগা বিহুৰ বাবে নিৰ্বাচিত কৰা হ’ব (Assam Mega Bihu Dance) ।

By

Published : Mar 6, 2023, 10:46 PM IST

Assam Mega Bihu Dance
বিহু নৃত্যৰে বিশ্ব অভিলেখ গঢ়াৰ চেষ্টা; তিনিচুকীয়াত বিশেষ বৈঠক

তিনিচুকীয়া, 6 মাৰ্চ: 14 এপ্ৰিলত গুৱাহাটীৰ সৰুসজাই ষ্টেডিয়ামত অসম চৰকাৰৰ উদ্যোগত গীনিজ বুক অৱ ৱৰ্ল্ড ৰেকৰ্ডছত (Guinness Book of World ) নাম অন্তৰ্ভুক্ত কৰিবৰ বাবে অনুষ্ঠিত হ’ব বিহু নৃত্য প্ৰদৰ্শনী ৷ ইয়াৰ বাবে জিলা পৰ্যায়ত হ’বলগীয়া প্ৰশিক্ষণ তথা অন্যান্য প্ৰস্তুতি সন্দৰ্ভত বিতংভাৱে আলোচনা কৰিবৰ বাবে উপায়ুক্ত স্বপ্নীল পালৰ সভাপতিত্বত উপায়ুক্তৰ কাৰ্যালয়ত অনুষ্ঠিত হয় এখন সভা ৷

উল্লেখযোগ্য যে, তিনিচুকীয়া জিলাৰ প্ৰতিটো সমষ্টিৰ পৰা 70 গৰাকী বিহুৱতী আৰু 30 গৰাকী বিহুৱা এই মেগা বিহুৰ বাবে নিৰ্বাচিত কৰা হ’ব । ইতিমধ্যে তিনিচুকীয়া জিলাৰ প্ৰতিটো সমষ্টিৰ পৰা চাৰিজনকৈ মাষ্টৰ ট্ৰেইনাৰে গুৱাহাটীত এই মেগা বিহুৰ বাবে প্ৰশিক্ষণ গ্ৰহণ কৰিছে ৷

বিহু নৃত্যৰে বিশ্ব অভিলেখ গঢ়াৰ চেষ্টা; তিনিচুকীয়াত বিশেষ বৈঠক

এই মাষ্টৰ ট্ৰেইনাৰসকলে 27 মাৰ্চৰ পৰা 31 মাৰ্চলৈকে জিলা পৰ্যায়ত নিৰ্বাচিত বিহুৱা-বিহুৱতীসকলক প্ৰশিক্ষণ প্ৰদান কৰিব । সোমবাৰৰ সভাত উপায়ুক্ত স্বপ্নীল পালে জিলা সাংস্কৃতিক উন্নয়ন বিষয়া, মাষ্টৰ ট্ৰেইনাৰসকল তথা বিহু সুৰক্ষা সমিতিক স্থানীয় বিধায়কসকলৰ সহযোগিতাত 12 মাৰ্চৰ ভিতৰত বিহুৱা-বিহুৱতীসকলক নিৰ্বাচন কৰি 15 মাৰ্চৰ ভিতৰত পঞ্জীয়ন প্ৰক্ৰিয়া সম্পন্ন কৰিবলৈ আহ্বান জনায় ।

জিলা পৰ্যায়ত বিহুৱা-বিহুৱতীসকলৰ প্ৰশিক্ষণৰ বাবে স্থান নিৰ্ধাৰণ কৰাৰ লগতে প্ৰতিটো প্ৰশিক্ষণ স্থলীৰ বাবে একোজনকৈ ভাৰপ্ৰাপ্ত বিষয়া নিয়োগ কৰা হৈছে ৷ সোমবাৰে সভাত জিলা উপায়ুক্তগৰাকীয়ে প্ৰশিক্ষণস্থলীৰ প্ৰতিগৰাকী ভাৰপ্ৰাপ্ত বিষয়াক প্ৰশিক্ষণস্থলীসমূহ যথোপযুক্তভাৱে সাজু কৰাৰ লগতে পৰ্যাপ্ত খোৱাপানীৰ যোগান তথা প্ৰস্ৰাৱগাৰৰ ব্যৱস্থা সুনিশ্চিত কৰিবলৈ নিৰ্দেশ দিয়ে । সভাত স্বাস্থ্য বিভাগৰ যুতীয়া সঞ্চালকগৰাকীক প্ৰতিটো প্ৰশিক্ষণস্থলীতে স্বাস্থ্যকৰ্মীৰ দল নিয়োজিত কৰিবলৈও নিৰ্দেশ দিয়ে ।

এই সভাত লক্ষীমপুৰ লোকসভা সমষ্টিৰ সাংসদ প্ৰদান বৰুৱা, শদিয়া সমষ্টিৰ বিধায়ক বলিন চেতিয়া, ডিগবৈ সমষ্টিৰ বিধায়ক সুৰেন ফুকন, ডুমডুমা সমষ্টিৰ বিধায়ক ৰুপেশ গোৱালা, অতিৰিক্ত উপায়ুক্ত সুশান্ত দত্ত, শদিয়া মহকুমাৰ মহকুমাধিপতি অনুপম ডেকাকে ধৰি বিভাগীয় বিষয়াসকল উপস্থিত থাকে ৷

লগতে পঢ়ক:Debasish Gogoi lynching case: যোৰহাটৰ দেৱাশীষ গগৈ হত্যাকাণ্ডৰ ৰায়দান; 11 জনক যাৱজ্জীৱন কাৰাদণ্ড

ABOUT THE AUTHOR

...view details