অসম

assam

ETV Bharat / state

বাঁহৰ দলঙেই যাতায়তৰ একমাত্ৰ সাৰথি - তিনিচুকীয়া জিলা

বিজেপি, অগপ, কংগ্ৰেছ কোনো চৰকাৰে সমাধান নকৰিলে ডিৰাক নদীৰ ওপৰত থকা ন-চুমনি-বান্দৰখাটি সংযোগী বাহঁৰ দলং৷ বিগত বিধানসভা নিৰ্বাচনৰ আগত বৰ্তমানৰ বিধায়ক বলিন চেতীয়াই নিৰ্বাচনত জয়ী হলেও দলংখন কাঠৰ নতুবা পকী বনোৱাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰিছিল যদিও হৈ নুঠিল৷

ডিৰাক নদীৰ ন-চুমনি-বান্দৰখাটি সংযোগী বাহঁৰ দলঙৰ দুৰৱস্থা

By

Published : Apr 4, 2019, 8:19 PM IST


শদিয়া, 4 এপ্ৰিলঃ তিনিচুকীয়া জিলাৰ লক্ষিমপুৰ লোকসভা সমষ্টিৰ শদিয়া বিধানসভাৰ অন্তৰ্গত ডিৰাকৰ ন-চুমনি আৰু বান্দৰখাটি সংযোগী বাহঁৰ দলংখনে জীয়াতু ভোগাইছে কেইবাখনো গাৱঁৰ ৰাইজক ৷ ৰাইজৰ অভিযোগ অনুসৰি অগপ চৰকাৰৰ প্ৰাক্তন মন্ত্ৰী জগদীশ ভুঞা আৰু কংগ্ৰেছ চৰকাৰ তথা বৰ্তমানৰ বিজেপি বিধায়ক বলিন চেতীয়াৰ প্ৰতিশ্ৰুতি অসাৰ দলংখনকলৈ ৷

ডিৰাক নদীৰ ন-চুমনি-বান্দৰখাটি সংযোগী বাহঁৰ দলঙৰ দুৰৱস্থা

বিগত বিধানসভা নিৰ্বাচনৰ আগত বৰ্তমানৰ বিধায়ক বলিন চেতীয়াই নিৰ্বাচনত জয়ী হলেও দলংখন কাঠৰ নতুবা পকী বনোৱাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰিছিল যদিও আজি পৰ্যন্ত ভগা বাঁহৰ দলং তেনেকৈয়ে ৰ'ল ৷ কেইবাখনো গাৱঁৰ যাতায়তৰ থল এই দল খন৷

বাৰিষা আহিলে নাৱেৰে অহা যোৱা কৰিব লগীয়া হোৱা ডিৰাক নদীৰ ওপৰত থকা ভগা বাঁহৰ দলঙখনেৰে পাৰ হ'ব নোৱাৰে গাড়ী নতুবা মটৰচাইকেল ৷ সেয়ে অনতিপলমে গাঁওবাসীৰ এই সমস্যাটো সমাধান নকৰিলে তীব্ৰ গণতান্ত্ৰীক আন্দোলন গঢ়ি তোলাৰ হুমকি প্ৰদান কৰিছে অঞ্চলবাসীয়ে ৷

ABOUT THE AUTHOR

...view details