তিনিচুকীয়া, 3 জুনঃ তিনিচুকীয়া জিলাৰ গাভৰুভেটি-কাকজান সংযোগী পকী পথ নিৰ্মাণত ব্যাপক অনিয়ম সংঘটিত হোৱাৰ অভিযোগ উত্থাপন কৰিছে স্থানীয় ৰাইজে ৷ তথ্য অনুসৰি পথ নিৰ্মাণকাৰী সংস্থা বি.বি.এণ্টাৰ প্ৰাইজ তথা প্ৰধানমন্ত্ৰী গ্ৰাম চড়ক যোজনা আঁচনিৰ অধীনৰ লগতে তিনিচুকীয়াৰ ৰাজ্যিক গড়কাপ্তানী বিভাগৰ তত্বাৱধানত ৩,৩৮,০৭,৯০০ টকা ব্যয় সাপেক্ষে পথটোৰ নিৰ্মাণৰ কাম আৰম্ভ হৈছে ।
তিনিচুকীয়াৰ ফিল'বাৰীত পথ নিৰ্মাণত দুৰ্নীতিৰ অভিযোগ ৰাইজৰ
নিৰ্মাণ কাৰ্যত ঠিকাদাৰী প্ৰতিষ্ঠানটোৱে আঁচনি অনুসৰি যিমান পৰিমাণৰ শিল,বালি ব্যৱহাৰ কৰিব লাগে তাৰ পৰিৱৰ্তে কেৱল ৰঙা মাটি ব্যৱহাৰ কৰা বুলি অভিযোগ উত্থাপন কৰিছে ৰাইজে
এই নিৰ্মাণ কাৰ্যত ঠিকাদাৰী প্ৰতিষ্ঠানটোৱে আঁচনি অনুসৰি যিমান পৰিমাণৰ শিল,বালি তথা অন্যান্য আনুসংগিক সামগ্ৰী ব্যৱহাৰ কৰিব লাগে তাৰ পৰিৱৰ্তে কেৱল ৰঙা মাটি ব্যৱহাৰ কৰা বুলি অভিযোগ উত্থাপন কৰিছে ৰাইজে। ফলস্বৰূপে ঠিকাদাৰী প্ৰতিষ্ঠানটোৰ বিৰুদ্ধে ক্ষোভিত হৈ পৰিছে স্থানীয় ৰাইজ। ৰাইজে এই সন্দৰ্ভত একাধিকবাৰ বিভাগীয় অভিযন্তা তথা তদাৰক সমিতিক অভিযোগ দিয়াৰ পাচতো কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই সংশ্লিষ্ট কৰ্তপক্ষই । যাৰ পৰিপ্ৰেক্ষিতত শনিবাৰৰ পৰা পথ নিৰ্মাণ কাৰ্য বন্ধ কৰি দিছে স্থানীয় ৰাইজে।