তিনিচুকীয়া, 13 মেঃ তিনিচুকীয়া জিলাৰ ডাঙৰী অঞ্চলৰ নেপালী চিৰিং গাঁৱত দেওবাৰে নিশা অহা এজাক বিধ্বংসী ধুমুহাই সমগ্ৰ অঞ্চলত ধ্বংসলীলাৰ সৃষ্টি কৰে৷ ধুমুহাজাকৰ ফলত গাঁওখনৰ নিবাসী লুঠা হাছাওৰ বাসগৃহৰ ওপৰত প্ৰকাণ্ড গছ পৰি থিতাতে নিহত হয় দুই শিশু ক্ৰমে লুঠা হাছাৰোৰ পুত্ৰ জোনাথান হাছা আৰু সুশীল হাছা৷ লগতে লুঠা হাছাওৰ পত্নী আৰু কন্যাও গুৰতৰভাৱে আহত হয়৷ ধুমুহাত আহত লোকসকলক ডিব্ৰুগড় মেডিকেলত ভৰ্তি কৰোৱা হয়৷
তিনিচুকীয়াত ধুমুহাৰ তাণ্ডৱঃ নিহত 2 শিশু - thunder
ধুমুহাৰ ফলত গাঁওখনৰ নিবাসী লুঠা হাছাওৰ বাসগৃহৰ ওপৰত প্ৰকাণ্ড গছ পৰি থিতাতে নিহত হয় দুই শিশু ক্ৰমে লুঠা হাছাৰোৰ পুত্ৰ জোনাথান হাছা আৰু সুশীল হাছা ৷
তিনিচুকীয়াত ধুমুহাৰ তাণ্ডবঃ নিহত 2 শিশু
আনহাতে, ডাঙৰী হায়াৰ চেকেণ্ডেৰী স্কুলৰ খেলপথাৰত সোমবাৰে অনুষ্ঠিত হবলগীয়া সোনোৱাল কচাৰীৰ বসুৱা উৎসৱৰ পেণ্ডেল ভাঙি পৰে ৷ এই অনুষ্ঠানত মূখ্যমন্ত্ৰীও উপস্থিত থকাৰ কথা আছিল৷ সমগ্ৰ ৰাজ্যখনৰ সমান্তৰালকৈ তিনিচুকয়াত হোৱা এই ধুমুহা বৰষুণে বিস্তৰ ক্ষতি কৰে সমগ্ৰ অঞ্চলটোত৷