অসম

assam

ETV Bharat / state

সাংসদ ৰামেশ্বৰ তেলীৰ সমষ্টিত প্ৰাথমিক শিক্ষা ব্যৱস্থাৰ পয়ালগা অৱস্থা - kakopathar poor school

এজন শিক্ষকেৰে চলিছে কেবাখনো বিদ্যালয়

ধোঁৱাচাঙত পৰিণত কাকপথাৰ শিক্ষাখণ্ডৰ অধীনৰ বহু প্ৰাথমিক বিদ্যালয়

By

Published : Mar 29, 2019, 12:45 PM IST

তিনিচুকীয়া, 29 মাৰ্চঃ "বাহিৰে ৰংচং ভিতৰে কোৱা ভাতুৰী", -এই আপ্ত বাক্য শাৰী প্ৰযোজ্য হৈছে ৰাজ্য চৰকাৰৰ প্ৰাথমিক শিক্ষা খণ্ডত ৷ পৰিৱৰ্তনৰ শ্ল'গান দিয়া বিজেপি সাংসদ ৰামেশ্বৰ তেলীৰ সমষ্টিত প্ৰাথমিক শিক্ষা ব্যৱস্থাৰ পয়ালগা অৱস্থা ৷ মাৰ্ঘেৰিটা বিধানসভা সমষ্টিৰ বুঢ়ীদিহিং মৌজাৰ বিদ্যালয়ত ছাত্ৰ-ছাত্ৰীৰ পৰিৱৰ্তে শিক্ষকৰ সংখ্যা তেনেই নগণ্য ৷

ধোঁৱাচাঙত পৰিণত কাকপথাৰ শিক্ষাখণ্ডৰ অধীনৰ বহু প্ৰাথমিক বিদ্যালয়

এজন শিক্ষকেই চলাইছে বহুকেইখন প্ৰাথমিক বিদ্যালয় ৷ কাকপথাৰ শিক্ষা খণ্ডৰ অধীনত থকা নামহোলুং প্ৰাথমিক বিদ্যালয়খন ১৯৬০ চনত, ১৯৭৮ চনত স্থাপিত নামহুলোং ব্লক প্ৰাথমিক বিদ্যালয়, ১৯৫৬ চনত স্থাপিত তিনিআলি নগাঁওপ্ৰাথমিক বিদ্যালয়, ১৯৭৮ চনত স্থাপিত ২নং বেতনি প্ৰাথমিক বিদ্যালয়, ১৯৫৪ চনত স্থাপিত ডুমচি লিটং প্ৰাথমিক বিদ্যালয়ত চলিছে এজনীয়া শিক্ষকেৰে পাঠদান ৷

ভূতৰ ওপৰত দানহ পৰা দি ছাত্ৰ-ছাত্ৰীসকলক অন্ধকাৰত ৰাখি বিদ্যালয় বন্ধ ৰাখি শিক্ষকসকলক নিয়োগ কৰিছে নিৰ্বাচন আৰু ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ কামত ৷ অন্যহাতে বিদ্যালয়সমূহৰ আন্তঃগাঠনিও তথৈবচ ৷ একেটা শ্ৰেণীকোঠাতে চলিছে দুই-তিনিটাকৈ শ্ৰেণীৰ পাঠদান ৷ বৰ্তমান এইদৰে চলিছে ৰাজ্যৰ বিয়াগোম শিক্ষা বিভাগৰ প্ৰাথমিক শিক্ষা খণ্ড৷

ABOUT THE AUTHOR

...view details