অসম

assam

ETV Bharat / state

লোকসভা নিৰ্বাচনলৈ প্ৰস্তুতি তুংগত তিনিচুকীয়া জিলা প্ৰশাসনৰ - লোকসভা নিৰ্বাচন তিনিচুকীয়া জিলা প্ৰশাসন

তিনিচুকীয়া জিলাত নিৰ্বাচনৰ প্ৰাথমিক প্ৰস্তুতি সম্পৰ্কত সোমবাৰে তিনিচুকীয়া জিলা উপায়ুক্ত ঐনাম চৰণ কুমাৰ সিঙে এখন সংবাদ মেল সম্বোধন কৰে।

লোকসভা নিৰ্বাচনলৈ প্ৰস্তুতি তুংগত তিনিচুকীয়া জিলা প্ৰশাসনৰ

By

Published : Mar 12, 2019, 12:48 AM IST


১১ মাৰ্চ, তিনিচুকীয়াঃ দেওবাৰে দেশৰ নিৰ্বাচন আয়োগে নিৰ্বাচনৰ দিন ঘোষণা কৰাৰ পিচতেই তৎপৰ হৈছে ৰাজ্যৰ প্ৰশাসন ব্যবস্থা । ১১ এপ্ৰিলত ৰাজ্যৰ পাঁচটা লোকসভা সমষ্টিত প্ৰথম পৰ্যায়ৰ নিৰ্বাচন অনুষ্ঠিত হব ।তিনিচুকীয়া জিলাত নিৰ্বাচনৰ প্ৰাথমিক প্ৰস্তুতি সম্পৰ্কত সোমবাৰে তিনিচুকীয়া জিলা উপায়ুক্ত ঐনাম চৰণ কুমাৰ সিঙে এখন সংবাদ মেল সম্বোধন কৰে। তিনিচুকীয়া জিলাৰ পাঁচটা বিধান সভা সমষ্টিত ১৩নং ডিব্ৰুগড় লোকসভা সমষ্টি আৰু ১৪নং লখিমপুৰ লোক সভা সমষ্টিৰ নিৰ্বাচন অনুষ্ঠিত হব বুলি জানিবলৈ দিয়ে।

লোকসভা নিৰ্বাচনলৈ প্ৰস্তুতি তুংগত তিনিচুকীয়া জিলা প্ৰশাসনৰ

তিনিচুকীয়া জিলাৰ পাঁচটা বিধান সভা সমষ্টি ক্ৰমে ডিগবৈ,মাৰ্ঘেৰিটাআৰু তিনিচুকীয়া বিধান সভা সমষ্টিৰ অন্তৰ্ভূক্ত ১৩নং ডিব্ৰুগড় লোকসভা সমষ্টিৰ লগতে ডুমডুমা আৰু শদিয়া বিধান সভা সমষ্টিৰ অন্তৰ্ভুক্ত ১৪ নং লখিমপুৰ লোক সভা সমষ্টি। তিনিচুকীয়া নিৰ্বাচনী জিলাৰ ডিগবৈ,ডুমডুমা আৰু তিনিচুকীয়া সমষ্টিত মুঠ ৫০৫টা ভোট গ্ৰহণ কেন্দ্ৰত মুঠ ৪৩২৬৪৮ গৰাকী ভোটাৰে ভোট দান কৰিব।

তিনিওটা বিধান সভা সমষ্টিত ৯৪টা স্পৰ্শকাতৰ আৰু ৩২টা অতি স্পৰ্শকাতৰ ভোট কেন্দ্ৰ চিহ্নিত কৰা বুলি উল্লেখ কৰে জিলা উপায়ুক্ত গৰাকীয়ে।আনহাতে নিৰ্বাচন সুকলমে অনুষ্ঠিত কৰাৰ ক্ষেত্ৰত জিলা আৰক্ষীয়ে সকলো প্ৰকাৰৰ নিৰাপত্তা ব্যৱস্থাৰ বাবে সাজু কৰি তুলিছে। স্পৰ্শকাতৰ অঞ্চলত সমূহত ইতিমধ্যে অধিক কটকটীয়া নিৰাপত্তা সাজু কৰি তোলা হৈছে।

ABOUT THE AUTHOR

...view details