তিনিচুকীয়া, 12 মেঃ তিনিচুকীয়া জিলাৰ ডুমডুমা বিধানসভা সমষ্টিৰ অন্তৰ্গত ৩নং কৰ্দৈগুৰিৰ এক বিস্তীৰ্ণ অঞ্চল বৰ্তমান খহনীয়াৰ কবলত ৷ অঞ্চলটোৰ বহুকেইটা পৰিয়াল ইতিমধ্যে গৃহহাৰা হৈছে ৷ টালি-টোপোলা বান্ধি নিৰাপদ শিবিৰলৈ ঢাপলি মেলিছে কৰ্দৈগুৰিবাসীয়ে ৷ কিন্তু বৰ্তমানলৈও কোনো পদক্ষেপ গ্ৰহণ কৰা নাই চৰকৰে ৷
খহনীয়াত সৰ্বস্ব হেৰুৱাই দিশহাৰা কৰ্দৈগুৰিবাসী
চৰকাৰে গৰা খহনীয়া সমস্যা সমাধানৰ বাবে বিভিন্ন সময়ত ধন মোকলাই দি আহিছে যদিও এই অঞ্চলটোৰ অৱস্থাৰ বৰ্তমানলৈ কোনো পৰিৱৰ্তন নোহোৱাৰ ফলতে প্ৰতি বছৰে নিজ চকুৰ সন্মুখতে নদীৰ বুকুত সৰ্বস্ব হেৰুৱাই আহিছে কৰ্দৈগুৰিবাসীয়ে ৷
গৰা খহনীয়াত সৰ্বস্ব হেৰুৱাই দিশহাৰা কৰদৈগুৰিবাসীগৰা খহনীয়াত সৰ্বস্ব হেৰুৱাই দিশহাৰা কৰদৈগুৰিবাসী
উল্লেখ্য যে চৰকাৰে গৰা খহনীয়া সমস্যা সমাধানৰ বাবে বিভিন্ন সময়ত ধন মোকলাই দি আহিছে যদিও এই অঞ্চলটোৰ অৱস্থাৰ বৰ্তমানলৈ কোনো পৰিৱৰ্তন নোহোৱাৰ ফলতে প্ৰতি বছৰে নিজ চকুৰ সন্মুখতে নদীৰ বুকুত সৰ্বস্ব হেৰুৱাই আহিছে কৰ্দৈগুৰিবাসীয়ে ৷ সেয়ে পৰিৱৰ্তনকামী চৰকাৰলৈ ৰাইজৰ আহ্বান-শীঘ্ৰে গৃহহাৰাসকলৰ বাবে কোনো ব্যৱস্থা গ্ৰহণ নকৰিলে আগন্তুক সময়ত এনেদৰে নদীৰ বুকুত নাইকিয়া হৈ যাব একোখনকৈ গাঁও৷
Last Updated : May 12, 2019, 2:34 PM IST