অসম

assam

ETV Bharat / state

বিছাকুপত চাহ বাগিছাত আছাৰ ২৫ তম প্ৰতিষ্ঠা দিৱস উদযাপন - আছাৰ ২৫ তম প্ৰতিষ্ঠা দিৱস

অসম আদিবাসী ছাত্ৰ সন্থা (AASA) ডুমডুমা আঞ্চলিক সমিতিৰ উদ্যোগত বিছাকুপি প্ৰাথমিক গোটৰ সহযোগত ২৫ তম প্ৰতিষ্ঠা দিৱস ও ৰূপালী জয়ন্তী বৰ্ষ উদযাপন কৰা হয় ৷ বিছাকুপত চাহ বাগিছাৰ ১২নং খেলপথাৰত উদযাপন কৰা হয় আছাৰ প্ৰতিষ্ঠা দিৱস ৷

assam tea tribes student association
বিছাকুপত চাহ বাগিছাত আছাৰ ২৫ তম প্ৰতিষ্ঠা দিৱস উদযাপন

By

Published : Jul 3, 2021, 10:43 PM IST

ডুমডুমা, 3 জুলাই : অসম আদিবাসী ছাত্ৰ সন্থা চমুকৈ আছাৰ (AASA) ২৫ তম প্ৰতিষ্ঠা দিৱস ডুমডুমাৰ ৰূপাইৰ বিছাকুপিত অনুষ্ঠিত কৰা হয় ৷ বিছাকুপত চাহ বাগিছাৰ ১২নং খেলপথাৰত উদযাপন কৰা হয় আছাৰ প্ৰতিষ্ঠা দিৱস ৷ সংগঠনটোৰ ডুমডুমা আঞ্চলিক সমিতিৰ উদ্যোগত বিছাকুপি প্ৰাথমিক গোটৰ সহযোগত ২৫ তম প্ৰতিষ্ঠা দিৱস ও ৰূপালী জয়ন্তী বৰ্ষ উদযাপন কৰা হয় ৷ অনুষ্ঠানত পতাকা উত্তোলন, স্মৃতি তৰ্পনৰ পিচতেই জিলা সমিতিৰ বিষয়ববীয়া, প্ৰাক্তন নেতা-কৰ্মী সকলক সম্বৰ্ধনা জনোৱা হয় ৷

বিছাকুপত চাহ বাগিছাত আছাৰ ২৫ তম প্ৰতিষ্ঠা দিৱস উদযাপন

উক্ত অনুষ্ঠানতে ১৯৯৬ চনত জন্ম লাভ কৰা চাহ জনগোষ্ঠীৰ অন্যতম শক্তিশালী সংগঠনটোৰ প্ৰতিষ্ঠাপক জাষ্টিন লাক্ৰাক বিশেষভাৱে স্মৰণ কৰে সংগঠনটোৱে ৷ ক'ভিড প্ৰট'কল মানি অনুষ্ঠিত কৰা প্ৰতিষ্ঠা দিৱস ও ৰূপালী জয়ন্তী বৰ্ষত প্ৰায় অৰ্ধ শতাধিক আছাৰ নেতা-কৰ্মী উপস্থিত থাকে ৷

বিছাকুপত চাহ বাগিছাত আছাৰ ২৫ তম প্ৰতিষ্ঠা দিৱস উদযাপন

লগতে পঢ়ক: বাক্সাত যিকোনো মুহুৰ্ততে বিদ্যুতৰ তাঁৰে আনিব পাৰে বিপদ

ABOUT THE AUTHOR

...view details