তিনিচুকীয়া, ১১ জানুৱাৰী: ভোগৰ উৎসৱ ভোগালী বিহুলৈ মাজত আৰু কেইটামান দিন বাকী আছে ৷ ৰাজ্যৰ চৌদিশে এতিয়া কৃষি ভিত্তিক উৎসৱ ভোগালী বিহুৰ ব্যাপক প্ৰস্তুতি দেখিবলৈ পোৱা গৈছে (Bhogali Bihu preparation in Assam) ৷ পিছপৰি ৰোৱা নাই তিনিচুকীয়াও ৷ জিলাখনৰ ভিন্ন স্থানত মেজি-ভেলাঘৰ সাজি উৰুকাৰ ভোজ-ভাতৰ বাবে আয়োজন কৰা দেখা গৈছে ৷ ইয়াৰ সমান্তৰালকৈ গ্ৰাম্যাঞ্চল সমূহতো মহিলাসকল ব্যস্ত বৈ পৰিছে বিহুৰ চিৰা-পিঠা আদি প্ৰস্তুত কৰাত (Bhogali Bihu celebration in Assam) ৷
ইফালে, তিনিচুকীয়া জিলা প্ৰশাসন আৰু অসম ৰাজ্যিক গ্রামীণ জীৱিকা অভিযান (Assam State Rural Livelihood Mission) তিনিচুকীয়া শাখাৰ উদ্যোগত আগন্তুক ভোগালী বিহু উপলক্ষে গ্ৰহণ কৰা হৈছে বিশেষ পদক্ষেপ ৷ তিনিচুকীয়া থানা চাৰিআলিৰ সমীপত অৱস্থিত ডাক বাংলো প্ৰাংগণত আজি অৰ্থাৎ ১১ জানুৱাৰীৰ পৰা ১৩ জানুৱাৰী লৈকে তিনিদিনীয়াকৈ অনুষ্ঠিত কৰা হৈছে অসমী ভোগালী মেলা ৷ এই অসমী ভোগালী মেলাৰ আৰম্ভনিৰ দিনা এগছি বন্তি জ্বলাই শুভ উদ্বোধন কৰে তিনিচুকীয়া জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া মুনিন্দ্ৰ বৰদলৈয়ে ।
মেলা উদ্বোধন কৰি জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া মুনিন্দ্ৰ বৰদলৈয়ে অসমী ভোগালী মেলাত অংশগ্ৰহণ কৰিবলৈ ওলাই অহা মহিলাসকলক উৎসাহ যোগাই আজিৰ মহিলা অকল পাকঘৰতে সীমাবদ্ধ নহয় বুলি মন্তব্য কৰে (Asomi Bhogali Mela in Tinsukia) ৷ এনেধৰণে নিজৰ পাকঘৰত উৎপাদিত সামগ্ৰী বজাৰলৈ উলিয়াই আনি নিজৰ লগতে পৰিয়ালক স্বাৱলম্বিতাৰ দিশত আগুৱাই যাব লাগিব বুলি মন্তব্য কৰে কাৰ্যবাহী বিষয়া মুনিন্দ্ৰ বৰদলৈয়ে ৷