তিনিচুকীয়া, ২৬ আগষ্ট :বিশ্বৰ উন্নত দেশে কৰিব নোৱাৰা কাম কৰি দেখুৱালে ভাৰতে ৷ পোন প্ৰথমবাৰৰ বাবে চন্দ্ৰৰ দক্ষিত মেৰুত ভৰি থ’লে ভাৰতে ৷ ইয়াৰ পাচতে মিছন চন্দ্ৰযান-৩ ৰ সফলতাৰ গুণগান গাইছে সমগ্ৰ বিশ্বই ৷ সকলোৰে জ্ঞাত যে, মিছন চন্দ্ৰযান-৩ ৰ সৈতে জড়িত আছে কেবাজনো অসম সন্তান ৷ তেওঁলোক হ’ল লখিমপুৰৰ চয়ন দত্ত, জামুগুৰিহাটৰ উদ্দীপনা কলিতা, তিনিচুকীয়াৰ বোৱাৰী নিধি শৰ্মাৰ লগতে আৰু বহুজন ৷
চন্দ্ৰযান-৩ ৰ সফলতাৰ পাচত পোন প্ৰথমবাৰৰ বাবে নিজৰ মনৰ অনুভৱ ব্যক্ত কৰিলে ISRO ৰত কৰ্মৰত বিজ্ঞানী তথা তিনিচুকীয়াৰ বোৱাৰী নিধি শৰ্মাই ৷ নিধি শৰ্মাই নিজা ভাষাতেই ভাৰতীয় হিচাপে গৌৰৱাম্বিত বুলি উল্লেখ কৰি এনে গৌৰৱৰ সন্ধিক্ষণত সকলো ভাৰতীয়ক শুভেচ্ছা জ্ঞাপন কৰে ৷ চন্দ্ৰযান-৩ ৰ সৈতে জড়িত হ’বলৈ পাই গৌৰৱবোধ কৰিছে বুলি মন্তব্য কৰে নিধি শৰ্মাই ৷
সমান্তৰালভাৱে পৰিয়াল তথা ভাৰতবাসীৰ মৰম, সাহস, প্ৰেৰণা আৰু শুভেচ্ছাৰ বাবে সকলোকে ধন্যবাদ জ্ঞাপন কৰে নিধিয়ে ৷ তেওঁ কয়, ‘‘এতিয়াও আমি চন্দ্ৰযান-৩ ৰ সৈতে যথেষ্ট ব্যস্ত হৈ আছো ৷ সেয়ে ৰাইজৰ সৈতে কোনো যোগাযোগ কৰিব পৰা নাই’’ ৷