তিনিচুকীয়া,4নৱেম্বৰ: অসমৰ বিভিন্ন জলন্ত সমস্যা সমূহকলৈ বুধবাৰে অসম সংগ্ৰামী যুৱ ছাত্ৰ পৰিষদে তিনিচুকীয়া জিলাৰ জিলা উপায়ুক্ত কাৰ্যালয়ৰ সন্মুখত ৰূপায়ন কৰে প্ৰতিবাদী কাৰ্যসূচী । চৰকাৰে সমস্যা সমূহৰ তাৎক্ষণিক সমাধান নকৰিলে এই প্ৰতিবাদ অসম জুৰি কৰা হ'ব বুলি সংগ্ৰামী যুৱ ছাত্ৰ পৰিষদৰ সভাপতি বাবু শইকীয়াই হুংকাৰ দিয়ে ।
তিনিচুকীয়াত অসম সংগ্ৰামী যুৱ ছাত্ৰ পৰিষদৰ প্ৰতিবাদ
অসমৰ বিভিন্ন জলন্ত সমস্যাক লৈ বুধবাৰে তিনিচুকীয়াত অসম সংগ্ৰামী যুৱ ছাত্ৰ পৰিষদে সাব্যস্ত কৰে প্ৰতিবাদ ৷ চৰকাৰে সমস্যা সমূহৰ সমাধান নকৰিলে অসমজুৰি প্ৰতিবাদ কৰাৰ হূংকাৰ দিয়ে সংগঠনটোৰ সদস্য সকলে ৷
তিনিচুকীয়াত অসম সংগ্ৰামী যুৱ ছাত্ৰ পৰিষদৰ প্ৰতিবাদ
প্ৰতিবাদকাৰী সকলে অখিল গগৈক শীঘ্ৰে মুক্তি দিয়ক, অতি শীঘ্ৰে নাগৰিকত্ব সংশোধনী আইন বাতিল কৰা, IPL জুৱাৰ পৰা সমগ্ৰ অসমৰ লগতে তিনিচুকীয়া জিলাক মুক্ত কৰা আদি বিভিন্ন দাবীৰে উত্তাল কৰি তোলে প্ৰতিবাদস্থলী ৷
অন্য এক খবৰৰ বাবে: নগাঁও আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ত কি কৰিছে শুকুৰ আলীয়ে !