তিনিচুকীয়া, 10 জুনঃ আছাম ৰাইফলছ আৰু অৰুণাচল আৰক্ষীয়ে উগ্ৰপন্থীৰ বিৰুদ্ধে লাভ কৰিছে বৃহৎ সাফল্য ৷ ম্যানমাৰ সেনাৰ পিচত এইবাৰ দেশৰ ভিতৰতে এইদৰে উগ্ৰপন্থী সংগঠনৰ বিৰুদ্ধে অভিযান আৰম্ভ কৰিছে আছাম ৰাইফলছে ৷
আছাম ৰাইফলছ আৰু অৰুণাচল আৰক্ষীৰ বৃহৎ সফলতা - insurgency in NE
সোমবাৰে চাংলাং জিলাৰ এক দূৰ্গম অঞ্চলত আছাম ৰাইফলছ আৰু অৰুণাচল আৰক্ষীয়ে উত্থাত কৰে নগা বিদ্ৰোহী সংগঠন এন এছ চি এনৰ এটা চাউনী ৷ ম্যানমাৰৰ পিচত এইবাৰ আৰক্ষী আৰু আছাম ৰাইফলছে এইদৰে উগ্ৰপন্থী সংগঠনৰ বিৰুদ্ধে দেশৰ ভিতৰত অভিযান আৰম্ভ কৰি সফলতা লাভ কৰিছে ৷
এন এছ চি এন চাউনী
অৰুণাচলৰ চাংলাং জিলাৰ য়ুখী গাঁৱত থকা নগা উগ্ৰপন্থী সংগঠন NSCNৰ এটা প্ৰশিক্ষণ শিবিৰ ভাঙি দিয়ে সুৰক্ষা বাহিনীৰ যুটীয়া দলটোৱে ৷ দেওবাৰে গোপন খবৰৰ ভিত্তিত অভিযান চলাই উগ্ৰপন্থী সংগঠনটোৰ ৩০-৪০ জন কেডাৰে প্ৰশিক্ষণ ল'ব পৰা চাউনীটো এইদৰে ভাঙি দিবলৈ সক্ষম হয় ।
উল্লেখ্যে যে, বিগত সময়ত য়ুখী গাঁৱৰ এই চাউনীৰ পৰাই এনএছচিএনে ধনদাবীকে ধৰি অপহৰণ তথা নতুন সদস্য ভৰ্ত্তি আদি কাৰ্য সম্পাদন কৰি আহিছিল ৷