মৰাণ, 23মে':শুকুৰবাৰে অসম গৌৰৱ নৱ কুমাৰ ফুকনৰ এভাৰেষ্ট আৰোহণৰ চতুৰ্থ বৰ্ষপূৰ্তি উদযাপন কৰা হয় ৷ মৰাণৰ সমীপৰ চেপনৰ শান্তিবনৰ নিজা বাসগৃহত উদযাপন কৰা চতুৰ্থ বৰ্ষপুতি অনুষ্ঠানত এভাৰেষ্ট বিজয়ীগৰাকীয়ে স্মৃতি ৰোমন্থন কৰি কয় যে, দুবাৰকৈ আপ্ৰাণ চেষ্টা কৰিও এভাৰেষ্ট আৰোহণত বিফল হৈছিল তেওঁ ৷ তৃতীয়বাৰতহে তেওঁ অসমীয়াৰ হেঁপাহৰ গামোচাখন এভাৰেষ্টৰ বুকুত খোদিত কৰিবলৈ সক্ষম হৈছিল ৷ সেইবাবেই 21মে'ৰ দিনটো তেওঁৰ জীৱনৰ এক স্মৰণীয় মূহুৰ্ত ৷ ইপিনে এই চতুৰ্থ বৰ্ষপুতি অনুষ্ঠানত উপস্থিত থাকি ডিমৌৰ সাংবাদিক মৃদুল বুঢ়াগোঁহাই, দীপক বড়া, গৌতম হীৰা, মৰাণৰ সাংবাদিক অৰুণ নাগ, উমাকান্ত বৰুৱা, শিৱসাগৰৰ সাংবাদিক দেৱজিৎ গগৈ, হিমাংশু নেওগ তথা চেপনৰ সমাজকৰ্মী অজয় সূতকে ধৰি বহু শুভাকাংক্ষীয়ে এভাৰেষ্ট বিজয়ী নৱ কুমাৰ ফুকনক সম্বৰ্ধনা জ্ঞাপন কৰে ৷
অসম গৌৰৱ নৱ কুমাৰ ফুকনৰ এভাৰেষ্ট আৰোহণৰ চতুৰ্থ বৰ্ষপূৰ্তি পালন - এভাৰেষ্ট আৰোহনকাৰী ষষ্ঠগৰাকী অসমীয়া
দুবাৰকৈ আপ্ৰাণ চেষ্টা কৰিও এভাৰেষ্ট আৰোহণত তেওঁ বিফল হৈছিল ৷ তৃতীয়বাৰত অসমীয়াৰ হেঁপাহৰ গামোচাখন এভাৰেষ্টৰ বুকুত খোদিত কৰিবলৈ সক্ষম হৈছিল নৱ কুমাৰ ফুকনে ৷

অসম গৌৰৱ নৱ কুমাৰ ফুকনৰ এভাৰেষ্ট আৰোহণৰ চতুৰ্থ বৰ্ষপুতি পালন
অসম গৌৰৱ নৱ কুমাৰ ফুকনৰ এভাৰেষ্ট আৰোহণৰ চতুৰ্থ বৰ্ষপুতি পালন
উল্লেখযোগ্য যে, এভাৰেষ্ট আৰোহণ কৰিবলৈ সক্ষম হোৱা নৱ কুমাৰ ফুকন হ'ল ষষ্ঠ গৰাকী অসমীয়া ।
লগতে পঢ়কঃই টিভি ভাৰতৰ বাতৰিৰ প্ৰভাৱঃকণমানি দুই ভগ্নীক সহায়ৰ হাত বহুজনৰ