অসম আৰক্ষী জোৱানৰ উদ্ভাৱন, সাজি উলিয়ালে মৰণা মৰা যন্ত্ৰ তিনিচুকীয়া,৩০ ডিচেম্বৰ:পথাৰৰ লখিমী ঘৰলৈ নিয়াৰ পাছতে পূৰ্বতে গৰুৰে মৰণা মৰাটো চহা গাঁৱত এক গতানুগতিক দৃশ্য আছিল ৷ কিন্তু এতিয়া সলনি হৈছে সকলো ৷ গৰুৱে হাল বোৱাৰ পৰা মৰণা মৰাৰ দৰে দৃশ্য সমূহ নেদেখা হ’ল গাঁওসমূহত ৷ গৰুৰ স্থান ল’লে ট্ৰেক্টৰ, পাৱাৰটিলাই । শেহতীয়াকৈ টেক্টৰ, পাৱাৰটিলাকো আওকাণ কৰি ওলাল কঠীয়া ৰোৱা আৰু মৰণা মৰাৰ সুকীয়া সুকীয়া যন্ত্ৰ ।
যি যন্ত্ৰৰ সহায়ত মাত্ৰ এজন ব্যক্তিয়েই কৰিব পাৰে বহুজনৰ কৰ্ম ৷ ক্ৰমাৎ যেন সহজ হৈ পৰিছে পূৰ্বতে মূৰৰ ঘাম মাটিত পেলাই কৰা কৃষিকৰ্ম ৷ তেনে সময়তে এগৰাকী অসম আৰক্ষীত কৰ্মৰত ব্যক্তিয়ে এটা মৰণা মৰা যন্ত্ৰ নিজ হাতে প্ৰস্তুত কৰি বুটলিবলৈ সক্ষম হৈছে বহুজনৰ পৰা প্ৰশংসা ৷ তিনিচুকীয়া জিলাৰ ফিল'বাৰীৰ কৃষ্ণপুৰ গাঁৱৰ নিবাসী বিজয় বৰুৱাই নিজা কাৰিকৰী জ্ঞানেৰে নির্মাণ কৰি উলিয়াইছে এটি ধান মৰণাৰ মৰা যন্ত্ৰ । বিজয় বৰুৱা এগৰাকী অসম আৰক্ষীৰ অধীনস্থ গৃহৰক্ষী জোৱান হিচাপে কৰ্মৰত ।
তিনি বছৰৰ পূৰ্বে নিৰ্মাণ কৰা যন্ত্ৰটোৱে ঘণ্টাত প্ৰায় দুই বিঘা মাটিত উৎপাদিত ধান মৰণা মাৰিব পৰা এই ক্ষুদ্ৰ যন্ত্ৰটোৱে স্থানীয় ৰাইজৰ যথেষ্ট সমাদৰ লাভ কৰিবলৈ সক্ষম হৈছে । ক্ষুদ্ৰ আকৃতিৰ এই মৰণা মৰা যন্ত্ৰটোক তেওঁ মৰমৰ চাৰি বছৰীয়া কন্যা আইচেংফাৰ নামেৰে নামাংকৃত কৰিছে । কম সময় আৰু কম খৰচী এই যন্ত্ৰটো নিৰ্মাণত তেওঁৰ প্ৰায় দুই মাহ সময়ৰ প্ৰয়োজন হৈছিল আৰু খৰচ হৈছিল প্ৰায় ৮৭ হাজাৰ টকা ৷
সৰু ডিজেল ইঞ্জিনেৰে চালিত এই যন্ত্ৰটোৰ আকাৰত এখন ঠেলা গাড়ীৰ সমান আৰু ইয়াক এখন মটৰ চাইকেলেৰে সহজতে এঠাইৰ পৰা আন ঠাইলৈ স্থানান্তৰ কৰিব পাৰি । এক ব্যস্ততাপূৰ্ণ চাকৰিৰ পিছতো নিজা কাৰিকৰী জ্ঞানেৰে ধান মৰণা মৰা যন্ত্ৰ সাজি উলিয়াইছে বিজয় বৰুৱাই । মূলত শিৱসাগৰৰ শিমলুগুৰি নিবাসী তথা বৰ্তমান কৃষ্ণপুৰ গাঁৱৰ বাসিন্দা, কোনো আনুষ্ঠানিক কাৰিকৰী শিক্ষা নথকা বিজয় বৰুৱাক, এই যন্ত্ৰটোৰে অঞ্চলটোত সেৱা আগবঢ়াই অহাৰ ক্ষেত্ৰত তেওঁৰ খুলশালী প্ৰতিম বৰুৱাই সহযোগ আগবঢ়াই আহিছে ।
লগতে পঢ়ক:গোলাঘাটত জ্যোৰ্তিময়ী শিশু উদ্যান-যমুনা পানী যোগান আচঁনি উদ্বোধন