নিউজ ডেস্ক , 1 জুলাই :ৰাজ্যত অসম আৰক্ষীয়ে অপৰাধ নিয়ন্ত্ৰণৰ ক্ষেত্ৰত নতুন ৰেকৰ্ড প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হৈছে ৷ ড্ৰাগছ তথা অবৈধ নিচাযুক্ত দ্ৰব্য, জীৱ-জন্তুৰ চোৰাং সৰবৰাহ, ভূমি অধিগ্ৰহণ আদি বিভিন্ন দিশত চলি থকা অপৰাধ নিয়ন্ত্ৰণ কৰিবলৈ সক্ষম হৈছে আৰক্ষী ৷ বিশেষকৈ, ড্ৰাগছ আৰু অবৈধ নিচাযুক্ত দ্ৰব্যৰ বিৰুদ্ধে জেহাদ ঘোষণা কৰিছে অসম আৰক্ষীয়ে ৷
শদিয়াৰ পৰা ধুবুৰীলৈ বিভিন্ন দিশত দীৰ্ঘদিনৰ পৰা অবিৰতভাৱে চলি থকা অপৰাধীৰ দপদপনি নিয়ন্ত্ৰণৰ বাবে আৰক্ষীয়ে বিগত সময়চোৱাত প্ৰায় প্ৰতিদিনেই অভিযান কৰি সফলতা লাভ কৰিছে ৷ কৰ’ণা মহামাৰীসৃষ্ট আংশিক লকডাউনৰ সময়ত ৰাজ্যৰ পৰিস্থিতি নিয়ন্ত্ৰণৰ দায়িত্ব সুকলমে পালন কৰিও সমান্তৰালভাৱে অপৰাধ নিয়ন্ত্ৰণ কৰাৰ ক্ষেত্ৰত আৰক্ষীয়ে লোৱা ভূমিকাক একেমুখে শলাগ লৈছে ৰাজ্যৰ সচেতন মহলে ৷
ড্ৰাগছসহ এজনক আটক কাকপথাৰ আৰক্ষীৰ :
শেহতীয়াকৈ, বৃহস্পতিবাৰে নিশা কাকপথাৰৰ ১ নং চেলেংগুৰিত ৰাইজৰ সহযোগত কাকপথাৰ আৰক্ষীয়ে ড্ৰাগছসহ আটক কৰিছে এজন লোকক ৷ ১নং চেলেংগুৰী যুৱ সংঘ আৰু ৰাইজৰ সহযোগত আৰক্ষীয়ে আটক কৰিবলৈ সক্ষম হয় ভাইকন সোণোৱাল নামৰ লোক জনক ৷ উল্লেখ্য যে, ধৃত ভাইকন সোণোৱালৰ বিৰুদ্ধে দীৰ্ঘদিনৰ পৰা ড্ৰাগছ ব্যৱসায়ৰ সৈতে জড়িত থকা অভিযোগ উত্থাপিত হৈ থকাৰ পৰিপেক্ষিতত বৃহস্পতিবাৰে নিশা আৰক্ষীয়ে স্থানীয় ৰাইজৰ সহায়ত ভাইকন সোণোৱালৰ বাসগৃহত তালাচী চলোৱাত কিছু পৰিমানৰ ড্ৰাগছ সহ যথেষ্ট পৰিমাণে নিচাযুক্ত সামগ্ৰী উদ্ধাৰ কৰিবলৈ সক্ষম হয় ৷ পৰৱৰ্তী পৰ্যায়ত আৰক্ষীয়ে নিশাই ভাইকন সোণোৱালক আটক কৰি কাকপথাৰ থানালৈ লৈ প্ৰেৰণ কৰে ৷
ড্ৰাগছৰ বিৰুদ্ধে খাটোৱাল আৰক্ষীৰ বৃহৎ সাফল্য :