অসম আৰক্ষীৰ শীৰ্ষ পৰ্যায়ত ব্যাপক ৰদবদল - অসম আৰক্ষীৰ শীৰ্ষ পৰ্যায়ত ব্যাপক ৰদবদল
অসম আৰক্ষীত ব্যপক সালসলনি। মঙলবাৰে অসম চৰকাৰে অসম আৰক্ষী বিভাগত ভালেমান উচ্চপৰ্যায়ৰ বিষয়াক বদলি কৰাৰ লগতে বহুকেইজন আৰক্ষীক নতুন দায়িত্বভাৰ অৰ্পণ কৰিছে ৷
![অসম আৰক্ষীৰ শীৰ্ষ পৰ্যায়ত ব্যাপক ৰদবদল assam police officer transfer list 2020](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-7834107-thumbnail-3x2-a.jpg)
অসম আৰক্ষীৰ শীৰ্ষ পৰ্যায়ত ব্যাপক ৰদবদল
তিনিচুকীয়া,30 জুনঃব্যাপক সালসলনি কৰা হৈছে অসম আৰক্ষীৰ শীৰ্ষ পৰ্যায়ত ৷
- চিৰাঙৰ অতিৰিক্ত আৰক্ষী অধীক্ষক বেদান্ত প্ৰকাশ বৰকাকতি(APS)ক কোকৰাঝাৰৰ অতিৰিক্ত আৰক্ষীৰ দায়িত্ব ।
- মাজুলীৰ অতিৰিক্ত আৰক্ষী অধীক্ষক আনন্দ টকবী(APS)ক লামডিংস্থিত 2nd APTF BN ৰ ভাৰপ্ৰাপ্ত বিষয়া হিচাপে বদলি ।
- নগাঁৱৰ অতিৰিক্ত আৰক্ষী অধীক্ষক পাপৰী চেতিয়াক জামুগুৰিহাটৰ 12Th APBN ৰ ভাৰপ্ৰাপ্ত বিষয়াৰ দায়িত্ব ।
- সোনটিলাৰ 5th APBn ৰ ভাৰপ্ৰাপ্ত বিষয়া মেৰিলিন জলচাংমাৱী (APS) ক ডিমা হাছাওৰ অতিৰিক্ত আৰক্ষী অধীক্ষকৰ দায়িত্ব ।
- বিজনীৰ SDPO প্ৰকাশ মেধিক চিৰাঙৰ অতিৰিক্ত আৰক্ষী অধীক্ষক হিছাপে বদলি ।
- ওদালগুৰিৰ উপ আৰক্ষী অধীক্ষক ম: মইদুল ইছলামক লক্ষিমপুৰ লীলাবাৰীস্থিত 13th APBN ৰ ভাৰপ্ৰাপ্ত বিষয়াৰ দায়িত্ব ।
- BI(EO)(Law) ৰ উপ আৰক্ষী অধীক্ষক দেৱৰ্শী চৌধুৰীক ধুবুৰীৰ অতিৰিক্ত আৰক্ষী অধীক্ষক হিচাপে বদলি ।
- গোলাঘাটৰ উপ আৰক্ষী অধীক্ষক পাৰ্থপ্ৰতিম শইকীয়াক মাজুলীৰ অতিৰিক্ত আৰক্ষী অধীক্ষকৰ দায়িত্ব ।
- গুৱাহাটীৰ ACP পল্লৱ তামুলীক মাণ্ডাকাটাস্থিত কামাণ্ডু বেটেলিয়নৰ ডেপুটি কামাণ্ডেন্টৰ দায়িত্ব ।
- হামৰেণৰ উপ আৰক্ষী অধীক্ষক সুব্ৰত কুমাৰ সেনক দিল্লীস্থিত অসম ভৱনৰ অতিৰিক্ত আৰক্ষী অধীক্ষক হিচাপে বদলি ।
- কাহিলিপাৰাৰ 4th APBn ৰ এচিষ্টেন্ট কামাণ্ডেন্ট অনিৰ্বাণ শৰ্মাক নলবাৰীৰ 14th APBN ৰ ভাৰপ্ৰাপ্ত বিষয়াৰ দায়িত্ব ৷
- গুৱাহাটীৰ যান-বাহন শাখাৰ ACP মৃন্ময় গোস্বামীক একে শাখাৰে Addl. DCP ৰ দায়িত্বভাৰ ।
- হাইলাকান্দিস্থিত 21st AP(IR)Bn ৰ উপ অধীক্ষক ফইজ আহমেদ বৰভূঞাক অসম বাংলাদেশ আন্তঃৰাষ্ট্ৰীয় সীমান্তৰ বিশেষ আৰক্ষী অধীক্ষকৰ দায়িত্ব ।
- কামৰূপৰ উপ আৰক্ষী অধীক্ষক মৌচুমী কলিতাক মাণ্ডাকাটাস্থিত কামাণ্ডু বেটেলিয়নৰ ডেপুটি কামাণ্ডেন্টৰ দায়িত্ব ।
- নগাঁৱৰ উপ আৰক্ষী অধীক্ষক মানস শইকীয়াক একে জিলাৰে অতিৰিক্ত আৰক্ষী অধীক্ষকৰ দায়িত্ব ।
- বাক্সাৰ SDPO চফিকুল হুচেইনক নলবাৰীৰ অতিৰিক্ত আৰক্ষী অধীক্ষকৰ দায়িত্ব ৷
- ডিব্ৰুগড়ৰ উপ আৰক্ষী অধীক্ষক পল্লৱী মজুমদাৰক দৰং জিলাৰ অতিৰিক্ত আৰক্ষী অধীক্ষকৰ দায়িত্ব ।
- নাজিৰাৰ SDPO দীপজ্যোতি তালুকদাৰক চৰাইদেওৰ অতিৰিক্ত আৰক্ষী অধীক্ষকৰ দায়িত্ব ।
- দক্ষিণ শালমৰাৰ উপ আৰক্ষী অধীক্ষক আৰিফ আহমেদক বৰপেটাৰ হাউলিস্থিত 4th APTF BN ৰ ভাৰপ্ৰাপ্ত বিষয়া হিচাপে বদলি ।