তিনিচুকীয়া, 3 ছেপ্টেম্বৰ : ৰাজ্যত অব্যাহত আছে অসম আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযান । এইবাৰ তিনিচুকীয়াৰ কাকপথাৰত গৰজি উঠিল অসম আৰক্ষীৰ গুলী (Assam Police firing at Kakopathar) ৷ কাকপথাৰত আৰক্ষীৰ গুলীত আহত হয় এটা ড্ৰাগছ সৰবৰাহকাৰী ৷
তিনিচুকীয়াৰ উপ-আৰক্ষী অধীক্ষক হিৰণ্য কুমাৰ বৰাই সংবাদ মাধ্যমৰ আগত উল্লেখ কৰা অনুসৰি, এক বিশেষ সূত্ৰৰ দ্বাৰা লাভ কৰা তথ্যৰ ভিত্তিত তিনিচুকীয়া আৰক্ষীয়ে শনিবাৰে ড্ৰাগছ সৰবৰাহৰ বিৰুদ্ধে চলাই এক অভিযান ৷ এই অভিযানতে কাকপথাৰৰ লাজুম পথাৰত আৰক্ষী আৰু ড্ৰাগছ সৰবৰাহকাৰীৰ মাজত কিছু হতাহতিৰ সৃষ্টি হয় ৷
কাকপথাৰত আৰক্ষীৰ গুলীচালনা আনকি আৰক্ষীৰ বন্দুক কাঢ়ি ল’বলৈ উদ্যত হৈছিল ড্ৰাগছ সৰবৰাহকাৰীৰ দলটোৱে ৷
আনহাতে, দলটোৰ একাংশই সেই স্থান এৰি পলায়নৰ চেষ্টাও কৰিছিল ৷ তেনে সময়তে ড্ৰাগছ মাফিয়ালৈ উদ্দেশ্যি আৰক্ষীয়ে গুলীচালনা কৰে ৷ আৰক্ষীৰ গুলীত আহত হয় জিন্টু মৰাণ নামৰ ড্ৰাগছ সৰবৰহকাৰীটো ৷ বৰ্তমান চিকিৎসাধীন হৈ আছে গুলীবিদ্ধ ড্ৰাগছ সৰবৰহকাৰীটো ।
আনহাতে আৰক্ষীৰ চকুত ধূলি দি এই দলটোত থকা আন কেইবাজনো ড্ৰাগছ মাফিয়াই সেই স্থানৰ পৰা পলায়ন কৰে ৷ উল্লেখ্য যে, এই অভিযানত আৰক্ষীয়ে জব্দ কৰিবলৈ সক্ষম হয় বুজন পৰিমাণৰ ড্ৰাগছ । ইতিমধ্যে ঘটনাস্থলীত তিনিচুকীয়া জিলাৰ উপ-আৰক্ষী অধীক্ষক হিৰণ্য বৰাই উপস্থিত হৈ এই ঘটনা সন্দৰ্ভত আৰম্ভ কৰিছে তদন্ত ৷
লগতে পঢ়ক :অসম-অৰুণাচল সীমান্তৱৰ্তী ধেমাজিৰ চিলনীত উত্তেজনা