তিনিচুকীয়া, ২৩ জুলাই:উজনিত অইল ইণ্ডিয়া লিমিটেডৰ খাৰুৱা তেলচুৰি চক্ৰৰ বিৰুদ্ধে তিনিচুকীয়া আৰক্ষীয়ে অভিযান চলাই সাংবাদিক, বিজেপি কৰ্মীসহ কেইবাজনকো গ্ৰেপ্তাৰ কৰাৰ পাচত গুৱাহাটীৰ তেলৰ দালাল চক্ৰক বিচাৰি ব্যাপক অভিযান চলাই ৷ শেহতীয়াকৈ তিনিচুকীয়া আৰক্ষীৰ অপৰাধ শাখাৰ এটা দলে ১৭ জুলাইত বিহাৰলৈ যাত্ৰা কৰি তিনি দিন বিহাৰত বাহৰ পাতি বিহাৰ আৰক্ষীৰ সহযোগত চলা অভিযানত ২১ জুলাইত নিশা কুখ্যাত তেলচোৰৰ অভিযুক্ত ৰাকেশ সিঙক নিজা ঘৰৰ পৰা গ্ৰেপ্তাৰ কৰে ৷
তিনিচুকীয়াৰ পৰা যোৱা আৰক্ষীৰ দলটোৱে বিহাৰৰ চাপৰা জিলাৰ বনিয়াপুৰৰ নিজা বাসগৃহৰ পৰা খেদি খেদি গ্ৰেপ্তাৰ কৰে কুখ্যাত খাৰুৱা তেলচোৰ ৰাকেশ সিঙক ৷ ৰাকেশ সিঙে গুৱাহাটীৰ বেহাৰবাৰীত এটা ভাৰাঘৰ লৈ উজনিৰ অইলৰ চুৰি খাৰুৱা তেল চোৰাংভাৱে বহিঃৰাজ্যলৈ সৰবৰাহ কৰিছিল ৷
তিনিচুকীয়া সদৰ থানাৰ উপ পৰিদৰ্শক মহেন্দ্ৰ শইকীয়াৰ নেতৃত্বত ১৭ জুলাইত যোৱা ছয়জনীয়া আৰক্ষীৰ দলটোৱে বহিঃৰাজ্যত অভিযান চলাই তেলচুৰিত অভিযুক্ত ৰাকেশ সিঙক ২১ জুলাইত নিশা গ্ৰেপ্তাৰ কৰি ৰাজধানী এক্সপ্ৰেছত আহি দেওবাৰে পুৱাই তিনিচুকীয়াত উপস্থিত হয় ৷