অসম

assam

By

Published : Apr 24, 2020, 9:22 PM IST

ETV Bharat / state

মনোমোহা শিল্পই প্ৰাণ দিছে নিৰ্জীৱ শিলক

লক ডাউনৰ মাজতে শিলত ছবি আঁকিছে মানকটা বাগিচাৰ নিৰঞ্জনে, ইউনিচেফৰো প্ৰশংসা ৷ নিৰ্জীৱ শিলক প্ৰাণ দিয়া মানখোৱা চাহ বাগিচাৰ নিৰঞ্জন নায়ককক জানেনে...

মনোমোহা শিল্পই প্ৰাণ দিছে নিৰ্জীৱ শিলক
মনোমোহা শিল্পই প্ৰাণ দিছে নিৰ্জীৱ শিলক

মাৰ্ঘেৰিটা 24 এপ্ৰিলঃলক ডাউনৰ অপূৰ্ব সৃষ্টি বহুতেই ভৱাতকৈ অলপ ব্যতিক্ৰমী চিন্তাৰে কৰা এটা নতুন কাম ৷ যি কাম দেখি প্ৰশংসা কৰিছে ইউনিচেফৰ দৰে বিশ্বৰ অগ্ৰণী সংগঠনে ৷ প্ৰকৃতি প্ৰেমী এজন যুৱক,এই যুৱকজনৰ হাতৰ পৰশত নিৰ্জীৱ শিলত প্ৰাণ পাই উঠিছে এটাৰ পিচত আনটো শিল্প ৷ বন্যপ্ৰাণী ভালপোৱা ডিগবৈ মহাবিদ্যালয়ৰ জীৱ বিজ্ঞানৰ স্নাতক তৃতীয় বৰ্ষৰ ছাত্ৰ নিৰঞ্জন নায়কে এটুকুৰা শিলত অংকণ কৰিছে বিভিন্ন পখিলা,তথা পক্ষীৰ চিত্ৰ ৷

ৰঙেৰে বুলাই নিৰঞ্জনে আঁকি গৈছে এটাৰ পিচত এটা মনোমোহা দৃশ্য

লক ডাউনৰ এই জটিল সময়ত ডুমডুমাৰ ৰূপাই চাইডিংৰ মানখোৱা চাহ বাগিচাত থকা নিজৰ বাসগৃহত গৃহবন্দী হৈ নিৰঞ্জন এতিয়া ব্যস্ত সৰু বৰ শিলত প্ৰকৃতি আৰু চৰাইৰ মনোমোহা চিত্ৰ অংকনত ৷ নদীৰ বুকুৰ পৰা বুটলি অনা মসৃন শিল বোৰক পৰিস্কাৰ কৰি ৰঙেৰে বুলাই নিৰঞ্জনে আঁকি গৈছে এটাৰ পিচত এটা মনোমোহা চৰাই আৰু প্ৰকৃতিৰ মনোমোহা ছবি ৷ নিৰঞ্জনৰ এই ব্যতিক্ৰমী কাৰ্যই চ'ছিয়েল মিডিয়াতো ইতিমধ্যেই যথেষ্ট জনপ্ৰিয়তা লাভ কৰিছে ৷ আন্তৰাষ্ট্ৰীয় সংগঠন ইউনিচেফৰ ভাৰতীয় শাখাইমান্যতাৰে প্ৰশংসা কৰিছে নিৰঞ্জনৰ এই সৃষ্টিশীলতাক ৷ চাহ বাগিচাৰ যুৱক নিৰঞ্জন এতিয়া ব্যস্ত অসমত পোৱা বিভিন্ন চৰাইৰ চিত্ৰ অঁকা কাৰ্যত ৷

শিলত ছবি আঁকিছে মানকটা বাগিচাৰ নিৰঞ্জনে

লগতে চাওকঃ পূৰ্বৰ পৰাই সামাজিক দুৰত্ব মানি অহা এটা সম্প্ৰদায়...

ABOUT THE AUTHOR

...view details