অসম

assam

ETV Bharat / state

বিভিন্ন দাবীৰে তিনিচুকীয়াত অসম জাতীয় পৰিষদৰ উত্তাল প্ৰতিবাদ - কৃষকসকলক বিনামূলীয়া বীজ

অসমৰ কৃষকসকলৰ ধান চৰকাৰী মূল্যত খাদ্য নিগমৰ দ্বাৰা ক্ৰয় কৰাটো সুনিশ্চিত কৰা, অসমৰ প্ৰতিখন গাঁও পঞ্চায়তত ধান ক্ৰয় কেন্দ্ৰ স্থাপন কৰা, অসমৰ খেতি পথাৰত ১০০% জলসিঞ্চনৰ ব্যৱস্থা কৰা, বান-গড়াখহনীয়াত ক্ষতিগ্ৰস্ত আৰু ক'ভিড দুৰ্গত কৃষকসকলক বিনামূলীয়া বীজ আৰু সাৰৰ যোগান ধৰা আদি কেইবা দফীয়া দাবীৰে তিনিচুকীয়াত প্ৰতিবাদ সাব্যস্ত কৰে অসম জাতীয় পৰিষদে ৷

assam-jatiya-parisad-protest-against-assam-government
বিভিন্ন দাবীৰে তিনিচুকীয়াত অসম জাতীয় পৰিষদৰ উত্তাল প্ৰতিবাদ

By

Published : Aug 19, 2021, 10:06 PM IST

তিনিচুকীয়া,19 আগষ্ট:বৃহস্পতিবাৰে তিনিচুকীয়াৰ ড৹ ভূপেন হাজৰিকাৰ প্ৰতিমূৰ্তিস্থলীত অসমৰ কৃষকসকলৰ বিভিন্ন সমস্যাৰ সমাধানৰ দাবীত অসম জাতীয় পৰিষদ তিনিচুকীয়া জিলা সমিতিয়ে এক প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে ।

প্ৰতিবাদী কাৰ্যসূচীৰ জৰিয়তে অসমৰ কৃষকসকলৰ ধান চৰকাৰী মূল্যত খাদ্য নিগমৰ দ্বাৰা ক্ৰয় কৰাটো সুনিশ্চিত কৰা, অসমৰ প্ৰতিখন গাঁও পঞ্চায়তত ধান ক্ৰয় কেন্দ্ৰ স্থাপন কৰা, অসমৰ খেতি পথাৰত ১০০% জলসিঞ্চনৰ ব্যৱস্থা কৰা, বান-গড়াখহনীয়াত ক্ষতিগ্ৰস্ত আৰু ক'ভিড দুৰ্গত কৃষকসকলক বিনামূলীয়া বীজ আৰু সাৰৰ যোগান ধৰা আদি কেইবা দফীয়া দাবীৰে তিনিচুকীয়া জিলা উপায়ুক্তৰ যোগেদি অসমৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মালৈ এখন স্মাৰক পত্ৰ প্ৰেৰণ কৰে সংগঠনটোৱে ।

বিভিন্ন দাবীৰে তিনিচুকীয়াত অসম জাতীয় পৰিষদৰ উত্তাল প্ৰতিবাদ

লগতে পঢ়কঃ কিয় কেঁচা চাহপাত ৰাজপথত পেলাই দিলে ক্ষুদ্ৰ চাহ খেতিয়কে ?

অসমৰ কৃষকসকলক সন্তুষ্ট কৰিবৰ বাবে চৰকাৰে যি আঁচনি প্ৰস্তুত কৰিছে, তাত কেৱল কেলেংকাৰী দেখিবলৈ পোৱা গৈছে বুলি অসম জাতীয় পৰিষদ তিনিচুকীয়া জিলা সমিতিৰ সম্পাদক ৰুবুল বৰুৱাই সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰে । লগতে কৃষকৰ বিভিন্ন সমস্যা সমূহৰ সমাধানৰ বাবে চৰকাৰক দাবী জনায় সংগঠনটোৱে ।

উক্ত কাৰ্যসূচীত উপস্থিত থাকে অসম জাতীয় পৰিষদ, কেন্দ্ৰীয় সমিতিৰ কেইবাজনো বিষয়-ববীয়াৰ লগতে তিনিচুকীয়া জিলা সমিতিৰ বিষয়-ববীয়াসকল, জাতীয় চাহ শক্তি, কেন্দ্ৰীয় সমিতিৰ সহকাৰী সম্পাদক প্ৰহ্লাদ নায়ক, কৃষক মুক্তি সংগ্ৰাম সমিতি, তিনিচুকীয়া জিলা সমিতিৰ সভাপতি মানৱ চেতিয়া আৰু তিনিচুকীয়া জিলাৰ কেইবাগৰাকী সচেতন ব্যক্তি ।

সদৌ শেষত কৃষকৰ সমস্যা সমাধান কৰক, কৃষকৰ ধানৰ উচিত মূল্য প্ৰদান কৰক, লুৰিণজ্যোতি গগৈ জিন্দাবাদ, এজেপি জিন্দাবাদ আদি বিভিন্ন শ্ল'গান দি অৱশেষত অসমৰ জাতীয় সংগীত গাই প্ৰতিবাদী কাযৰ্সূচীৰ সামৰণি মাৰে ৷

লগতে পঢ়কঃ অসম কৃষি বিশ্ববিদ্যালয়ৰ পৰ্যটন ক্ষেত্ৰত নতুন অভিলাষী প্ৰকল্পৰ সংযোজন

ABOUT THE AUTHOR

...view details