তিনিচুকীয়া, ৪ মাৰ্চ :সাম্প্ৰতিক অসমৰ পৰিৱেশ-পৰিস্থিতি সন্দৰ্ভত শনিবাৰে উচ্চতম ন্যায়ালয়ৰ জ্যেষ্ঠ অধিবক্তা উপমন্যু হাজৰিকাই তিনিচুকীয়াৰ হোটেল এৰমা’ ৰেছিডেঞ্চিত আয়োজন কৰে এক সংবাদমেলৰ ৷ সংবাদমেলৰ জৰিয়তে জ্যেষ্ঠ অধিবক্তাগৰাকীয়ে কয়, ‘‘শিলসাঁকো উচ্ছেদে স্পষ্ট কৰিলে যে ড৹ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰৰ উচ্ছেদতো দুটা নীতি আছে ৷ খিলঞ্জীয়াৰ বাবে এটা আৰু বাংলাদেশী বেদখলকাৰীৰ বাবে আন এটা নীতি’’ (Assam Govt has two policies in evictions said Upamanyu Hazarika)।
লগতে তেওঁ আৰু কয়, ‘‘দীৰ্ঘদিন ধৰি বসবাস কৰা খিলঞ্জীয়া ৰাইজক ক্ষতিপূৰণ বা বিকল্প ভূমি আবন্টনৰ ক’তো, কোনোধৰণৰ উল্লেখ নাই ৷ য’ত নেকি বাংলাদেশী বেদখলকাৰীক ক্ষতিপূৰণ, সংস্থাপন ইত্যাদি সকলো সুবিধা প্ৰদান কৰা হৈছে । আনকি মিছন বসুন্ধৰাৰ ২.০ ৰ জৰিয়তে ২০১১ চনলৈকে অহা বাংলাদেশী বেদখলকাৰীক ১৪ লাখ PGR, VGR ভূমিত সংস্থাপনৰ প্ৰস্তুতি চলাইছে । যি খিলঞ্জীয়াৰ বাবে সংৰক্ষণ অসম চুক্তিৰ ছয় নম্বৰ দফাত কাৰ্যকৰী কৰিবলৈ লিপিবদ্ধ আছে’’ ৷
তেওঁ আৰু কয়, ‘‘২০২০ চনত ছয় নম্বৰ দফা সমিতিৰ প্ৰতিবেদন আছে, বিভিন্ন সময়ত স্বয়ং হিমন্ত বিশ্ব শৰ্মা আৰু বিভিন্ন বিজেপি নেতাৰ পৰা এই প্ৰতিবেদন কাৰ্যকৰী কৰাৰ প্ৰতিশ্ৰুতিসমূহ ৷ কিন্তু সেই সকলোবোৰ নস্যাৎ কৰিছে বৰ্তমান বিজেপি চৰকাৰৰ উচ্ছেদ আৰু ভূমি নীতিয়ে’’ ।
উল্লেখযোগ্য যে, বেদখলকাৰী বাংলাদেশীসকলে আদালতত গোচৰ তৰিলে, চৰকাৰে সংস্থাপন দিয়াৰ প্ৰতিশ্ৰুতিৰ ভিত্তিত তেওঁলোকক সংস্থাপন আৰু ভূমি আবন্টনৰ নিৰ্দেশ দিয়ে । ড৹ হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰৰ প্ৰথম উচ্ছেদ অভিযান চলাইছিল ছিপাঝাৰৰ গৰুখুঁটিত ৷ য’ত PGR, VGR ভূমি বেদখলকাৰী সাতশ পৰিয়ালক ইতিমধ্যে সংস্থাপনৰ ব্যৱস্থা কৰিলে । এই তথ্য প্ৰকাশ পাইছিল উচ্চতম ন্যায়ালয়ৰ ২৪ জানুৱাৰী ২০২৩ চনৰ ৰায়দানত । এই কথা উল্লেখ কৰিছে হাজৰিকাই ৷
লগতে পঢ়ক :Savings Society fraud : সঞ্চয় সমিতিৰ নামত লুণ্ঠন, প্ৰৱঞ্চকক বিচাৰি হাহাকাৰ ভুক্তভোগীৰ
তেওঁ কয়, ‘‘এই ৰায়দানত উল্লেখ কৰা হয় চৰকাৰী পক্ষৰ প্ৰতিশ্ৰুতি যে গৰুখুঁটিৰ ৭০০ পৰিয়ালৰ ৬০০ পৰিয়ালক চৰকাৰে ভূমি আবন্টন কৰি সংস্থাপন কৰিছে । সেই কাৰণে উচ্চতম ন্যায়ালয়ে বাকী ১০০ পৰিয়ালক সংস্থাপন কৰাৰ নিৰ্দেশ দিলে । চৰকাৰে সংস্থাপনৰ দাবী বিৰোধ কৰিব লাগিছিল, কিয়নো আইনগতভাৱে বেদখলকাৰী অপৰাধী আৰু সংস্থাপন দিয়া কোনো আইনী নীতি নিয়ম নাই’’ ।