অসম

assam

ETV Bharat / state

খহনীয়াৰ কবলত ৰঙাগড়া চাহ বাগিচা আৰু গুইজান অঞ্চল - Assam Flood

বাৰিষাৰ আগমনৰ লগে লগে সমগ্ৰ অসমতে চৰ্চিত বিষয়টো হৈছে বান-খহনীয়া ৷ ব্যতিক্ৰম নহয় তিনিচুকীয়া জিলা ৷ তিনিচুকীয়া জিলাৰ বিভিন্ন নৈপৰীয়া অঞ্চলত গৰাখহনীয়াই প্ৰবল ভাবুকি কঢ়িয়াই অনা পৰিলক্ষিত হৈছে ৷

Assam Flood Situation
তিনিচুকীয়াত খহনীয়াৰ কৱলত পৰ্যটনৰ কেন্দ্ৰস্থল তথা ৰঙাগড়া চাহ ফেক্টৰী

By

Published : Jun 13, 2021, 8:30 AM IST

তিনিচুকীয়া, 13 জুন :তিনিচুকীয়া (Tinsukia) জিলাৰ ডিব্ৰু নৈৰ প্ৰবল খহনীয়াই (Erosion) দাঁতিকাষৰীয়া অঞ্চল ক্ৰমে গুইজান, নতুন ৰঙাগড়া চাহ বাগিচা, খামটিগোৱালি আদিকে লৈ এক বিস্তীৰ্ণ অঞ্চলৰ প্ৰতি তীব্ৰ ভাবুকি কঢ়িয়াই আনিছে ৷ বিস্তৰ ভূমি, ভেঁটি নৈৰ বুকুত জাহ যোৱাৰ লগতে কাষৰীয়া কেইবাখনো চাহ বাগানৰ বিস্তীৰ্ণ অঞ্চল বিশেষকৈ ৰঙাগড়া চাহ বাগানৰ এক বিস্তৰ অঞ্চল খহনীয়াত জাহ যোৱাৰ লগতে অসম কোম্পানী লিমিটেডৰ অন্তৰ্গত ৰঙাগড়া চাহ ফেক্টৰীলৈও তীব্ৰ ভাবুকি কঢ়িয়াই আনিছে ৷ এই ফেক্টৰীটোৰ লগত অঞ্চলটোৰ বহু চাহ শ্ৰমিকৰ ভৱিষ্যত জড়িত হৈ আছে ৷ যদিহে ফেক্টৰীটো খহনীয়াৰ কবলত পৰে তেন্তে ফেক্টৰীৰ লগত প্ৰত্যক্ষ বা পৰোক্ষভাৱে জড়িত শ্ৰমিকসকলৰ ভৱিষ্যত অন্ধকাৰ হৈ পৰিব ৷

উল্লেখ্য যে, পৰ্যটনস্থলী হিচাপে অসমৰ মানচিত্ৰত স্থান পোৱা গুইজান অঞ্চলটোক খহনীয়াৰ (Erosion) কবলৰ পৰা মুক্ত কৰাৰ অৰ্থে তথা অঞ্চলটোৰ পৰ্যটনৰ সৌন্দৰ্য বৰ্ধন কৰাৰ লগতে স্বৰ্গদেউ সৰ্বানন্দ সিংহৰ সমাধিস্থলীক খহনীয়াৰ পৰা ৰক্ষা কৰাৰ উদ্দেশ্যে প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে (Ex CM Sarbananda Sonowal) উত্তৰ-পূৱ বিকাশ আন্তঃগাঁথনি উন্নয়ন পুঁজিৰ শিতানত ১৮ কোটি টকাৰ ব্যয় সাপেক্ষে যি এক অভিলাষী আঁচনি হাতত লৈছিল, সেই আঁচনিখন বৰ্তমান ফুটুকাৰ ফেনত পৰিণত হোৱা পৰিলক্ষিত হৈছে ৷ আঁচনিখন শুভাৰম্ভ হোৱাৰ পিছত সম্পূৰ্ণ খৰালি কালছোৱাত নিবিদাপ্ৰাপ্ত ঠিকাদাৰে এক শতাংশ কামো নকৰাৰ লগতে তথা নিবিদা প্ৰাপ্তিৰ পাছৰে পৰা ঠিকাদাৰজনৰ কোনো শুংসূত্ৰ নোহোৱাৰ বিষয়টোত তিনিচুকীয়া আঞ্চলিক ছাত্ৰ সন্থা (AASU)ৰ সভাপতি উদিপ বৰপাত্ৰ আৰু সাধাৰণ সম্পাদক নয়নজ্যোতি বেজবৰুৱাৰ লগতে এজেৱাইচিপি (AJYCP)ৰ গুইজান আঞ্চলিক সমিতিয়ে তীব্ৰ ক্ষোভ প্ৰকাশ কৰে ৷

ইয়াৰ লগতে ইমান দিনে কামৰ অগ্ৰগতিৰ বুজ লোৱাৰ প্ৰয়োজনবোধ নকৰা জলসম্পদ বিভাগক নিজ দায়িত্ব সূচাৰুৰূপে পালন কৰিবলৈ সকীয়াই দিয়ে সংগঠন দুটাই ৷ গুইজান অঞ্চলৰ বৃহত্তৰ ৰাইজৰ স্বাৰ্থত তথা পৰ্যটনৰ সামগ্ৰিক উন্নয়নৰ বাবে খহনীয়াৰ সমস্যাৰ শীঘ্ৰে স্থায়ী সমাধান কৰাৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিবলৈ সংগঠন দুটাৰ নেতৃবৃন্দই জলসম্পদ মন্ত্ৰী পীযুষ হাজৰিকাক এক বিবৃতিৰ জৰিয়তে দাবী জনায় ৷

লগতে পঢ়ক :আৰোগ্য নিধি ৰূপায়ণ সন্দৰ্ভত স্বাস্থ্যমন্ত্রীৰ পৰ্যালোচনা বৈঠক

ABOUT THE AUTHOR

...view details