তিনিচুকীয়া, 27 জুন :আপুনি হয়টো ককা, আজোককাৰ দিনত শুনিছিল কণী ধান নামৰ এবিধ ধানৰ খেতিৰ কথা ৷ পূৰ্বতে এই কণীধানৰ খেতি পৰম্পৰাগতভাৱে কৰিছিল যদিও বৰ্তমান নতুন প্ৰজন্মই চিনি নাপায় কণী ধান অথবা মিলেট ৷ কিন্তু বিহাৰ, ওড়িশা, অন্ধ্ৰপ্ৰদেশ আদিত যথেষ্ট পৰিমাণে খেতি লাভজনকভাৱে কৰাৰ লগতে বহুলভাৱে প্ৰচলিত এই ফক্স টেইল মিলেটৰ ৷ এই মিলেট অনলাইনৰ বজাৰত প্ৰায় 400 টকা পৰ্যন্ত বিক্ৰী হৈ আহিছে ৷
অসমৰ মাটি এনেও সাৰুৱা ৷ যিকোনো এটা বীজ পেলাই দিলেই বাঢ়ে লমালমে, তেন্তে কিয় নহ’ব এই লাভজনক মিলেটৰ খেতি ৷ গতিকে শেহতীয়াকৈ অসমতো পুনৰ আৰম্ভ কৰিছে এই কণীধান অথবা মিলেটৰ খেতি ৷ তিনিচুকীয়া জিলাৰ কাকপথাৰ, ফিল’বাৰী, হেবেদা আৰু লাইপুলিত আৰম্ভ কৰিছে পৰীক্ষামূলকভাৱে কণীধান অথবা মিলেটৰ খেতি ৷
কাকপথাৰ খেৰজানৰ আদৰ্শবান খেতিয়ক 43 বছৰীয়া উত্তম কুমাৰ মৰাণে প্ৰথমবাৰৰ বাবে আৰম্ভ কৰিছে 8 বিঘাকৈ মাটিত এই মিলেটৰ খেতি ৷ ইতিমধ্যে এই প্ৰথমবাৰ কৰা মিলেটৰ খেতি পূৰঠ হোৱাৰ লগতে ধান চপাই সমাপ্ত কৰিছে কৃষক ৰাইজে ৷
এই সন্দৰ্ভত উত্তম কুমাৰ মৰাণে জানিব দিয়া অনুসৰি, খেতিডৰা অতি ভাল হৈছে আৰু খেতিডৰাৰ পৰা উন্নত ফচল লাভ কৰিবলৈ সক্ষম হৈছে ৷ এইবাৰ যিহেতু পৰীক্ষামূলকভাৱে মাত্ৰ 8 বিঘা মাটিত এই খেতি কৰিছে ৷ গতিকে অহাবাৰ ইয়াতকৈ অধিক কৰাৰ মনত পুহি ৰাখিছে ৷ কিন্তু এই মিলেটৰ প্ৰতি কিলোগ্ৰামত কেনেকৈ আৰু ক’ত বিক্ৰী কৰিব অথবা বজাৰখন কেনেকুৱা সেয়া এই পৰ্যন্ত জানিব পৰা হোৱা নাই বুলি সদৰী কৰে ৷