ডুমডুমা,15 মেঃ মেধাৰ বাবে হেঙাৰ নহয় দৰিদ্ৰতা ৷ পেঙেৰীৰ মুগং ঋতুপথাৰ গাঁৱৰ অতি দৰিদ্ৰ পৰিয়ালৰ ছাত্ৰী পূৰবী সোণোৱাল ৷ বুধবাৰে ঘোষণা হোৱা হাইস্কুল শিক্ষান্ত পৰীক্ষাত খেতিয়ক ননী সোণোৱাল আৰু পদুমী সোণোৱালৰ কণিষ্ঠ কন্যা পূৰবীয়ে 84.5 শতাংশ নম্বৰেৰে ডিষ্ট্ৰিংচন লাভ কৰিবলৈ সক্ষম হয় ৷
84.5 শতাংশ নম্বৰেৰে পেঙেৰীলৈ সুনাম কঢ়িয়ালে পূৰবীয়ে - হাইস্কুল শিক্ষান্ত পৰীক্ষা
বুধবাৰে ঘোষণা হোৱা হাইস্কুল শিক্ষান্ত পৰীক্ষাত খেতিয়ক ননী সোণোৱাল আৰু পদুমী সোণোৱালৰ কণিষ্ঠ কন্যা পূৰবীয়ে 84.5 শতাংশ নম্বৰেৰে ডিষ্ট্ৰিংচন লাভ কৰিবলৈ সক্ষম হয়
84.5 শতাংশ নম্বৰেৰে পেঙেৰী উজ্বলালে পূৰবীয়ে
পেঙেৰী হাইস্কুলৰ পৰা উত্তীৰ্ণ হোৱা ছাত্ৰী গৰাকীয়ে ইংৰাজীত ৮১,অসমীয়াত ৮১,গণিতত ৮০,বিজ্ঞানত ৮৪,সমাজ বিজ্ঞানত ৯১ আৰু হিন্দী ৯০ অসমীয়াত ৮১ নম্বৰ লাভ কৰি বিদ্যালয়ৰ লগতে নিজৰ গাঁওখনলৈও গৌৰৱ কঢ়িয়াই আনে ৷ ছাত্ৰীগৰাকীৰ এই সাফল্যৰত গাঁওখনত উছৱমুখৰ পৰিৱেশে বিৰাজ কৰিছে ৷