অসম

assam

ETV Bharat / state

অসমৰ একমাত্ৰ নেমু গাঁৱত নাই চৰকাৰী সুবিধা

হতাশ কৃষকসকলৰ প্ৰশ্ন-নেমু গাঁৱৰ কৃষকসকলৰ প্ৰতি চৰকাৰে মন দিবনে?নে ঘোষণাতেই সীমাবদ্ধ থাকিব চৰকাৰৰ দায়বদ্ধতা?

By

Published : Jun 6, 2019, 1:13 PM IST

চৰকাৰে ঘোষণা কৰা "নেমু গাৱঁ"ত নাই কোনো ধৰণৰ চৰকাৰী সুবিধা


শদিয়া, ৬ জুনঃ চৰকাৰে ঘোষণা কৰা অসমৰ একমাত্ৰ নেমু গাৱঁত নাই কোনো ধৰণৰ চৰকাৰী সুবিধা ৷ চৰকাৰৰ সুদৃষ্টিৰ অভাৱত কৃষকে পানীৰ দৰত ব্যৱসায়ীক বিক্ৰী কৰিবলগীয়া হৈছে নেমু ৷

২০১৮ বৰ্ষৰ আগষ্টত কাকপথাৰৰ ডিৰাকৰ বৃহৎ পাঁচখন গাঁৱক সামৰি জিলা প্ৰশাসনে অঞ্চলটোক ঘোষণা কৰিছিল নেমু গাঁওৰূপে ৷ অসমৰ একমাত্ৰ নেমু গাঁৱৰ স্বীকৃতিত সকলোৱে আশা কৰিছিল চৰকাৰী সা-সুবিধাৰ যোগেদি নেমু ব্যৱসায়টো আগুৱাই নিয়াৰ লগতে স্বাৱলম্বী হ'ব বহু কৃষক ৷ কিন্তু ঘোষণা কৰা এটা বছৰ অতিক্ৰম কৰিলে যদিও চৰকাৰ তথা প্ৰশাসনৰ পৰা সা-সুবিধাৰ নামত একোৱে নাপালে কৃষকসকলে ৷ নেমু গাঁওৰূপে ঘোষণা কৰা জিলা প্ৰশাসনে মাত্ৰ এখন নাম ফলক লগাই দায়িত্ব সামৰাৰ অভিযোগ কৰিছে ৰাইজে ৷

চৰকাৰে ঘোষণা কৰা "নেমু গাৱঁ"ত নাই কোনো ধৰণৰ চৰকাৰী সুবিধা

কৃষকসকলে জানিবলৈ দিয়া মতে দৈনিক এক ট্ৰাকতকৈ অধিক নেমু অঞ্চলটোৰ পৰা ৰপ্তানি হয় ৷ প্ৰতিটো নেমুত চল্লিশ পইচাৰ পৰা আশী পইচালৈকে পোৱা কৃষকসকলে এখন ভাল বজাৰ পাবলৈ সক্ষম হোৱা নাই ৷ উক্ত অঞ্চলৰ পৰা মাত্ৰ দহ কি: মি: নিলগৰ কাকপথাৰ দৈনিক বজাৰত দহ টকাত তিনিটা নেমু বিক্ৰী হয় যদিও প্ৰকৃত কৃষকতকৈ মধ্যভোগীয়েহে লাভ্যাংশ ভোগ কৰি আহিছে ৷ হতাশ কৃষকসকলৰ প্ৰশ্ন-নেমু গাঁৱৰ কৃষকসকলৰ প্ৰতি চৰকাৰে মন দিবনে?নে ঘোষণাতেই সীমাবদ্ধ থাকিব চৰকাৰৰ দায়বদ্ধতা?

লগতে আন এটা বাতৰি- প্ৰকৃতি সংৰক্ষণৰ বাৰ্তাৰে ৰাজ্যজুৰি পালন বিশ্ব পৰিৱেশ দিৱস

ABOUT THE AUTHOR

...view details