তিনিচুকীয়া, 13 মে’ :শুক্ৰবাৰে নিশা তিনিচুকীয়া বাৰেকুৰিৰ পুৰণি মটাপুং গাঁৱত উপস্থিত হয় ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ৷ উক্ত স্থানত উপস্থিত হৈ মুখ্যমন্ত্ৰীগৰাকীয়ে কংগ্ৰেছ আৰু এ আই ইউ ডি এফ সন্দৰ্ভত মন্তব্য আগবঢ়ায় ৷ একেদৰে আজি ঘোষিত হ’বলগীয়া কৰ্ণাটক বিধানসভা নিৰ্বাচন সন্দৰ্ভতো মন্তব্য আগবঢ়ায় মুখ্যমন্ত্ৰীগৰাকীয়ে, তেওঁ নিজে কৰ্ণাটকৰ নিৰ্বাচনী প্ৰচাৰ চলোৱা স্থানসমূহত ঠিকেই আছে যদিও বাকী স্থানত কি ঘটিছে সেই সন্দৰ্ভত তেওঁ অৱগত নহয় বুলি উল্লেখ কৰে ৷ উত্তৰ পূৰ্বাঞ্চলত হোৱা হ’লে ক’ব পাৰিলোঁ হয় বুলিও কয় মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই (Assam CM on Karnataka election 2023) ৷
পুৰণি মটাপুংস্থিত অসম যুৱ আয়োগৰ উপাধ্যক্ষ অৰুণজ্যোতি মৰাণৰ বাসগৃহত নিশা প্ৰায় 10.50 বজাত উপস্থিত হৈ নিশাৰ আহাৰ গ্ৰহণ কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে ৷ পৰৱৰ্তী সময়ত মুখ্যমন্ত্ৰীগৰাকীক মৰাণ জনগোষ্ঠীৰ আৰু স্থানীয় কেইবাটাও দল-সংগঠনে সাক্ষাৎ কৰাৰ লগতে স্মাৰকপত্ৰ প্ৰদান কৰে ৷ মুখ্যমন্ত্ৰীগৰাকীয়ে বৃহত্তৰ বাৰেকুৰি অঞ্চলটোৰ প্ৰতিটো নামঘৰৰ মূৰব্বী ভকতসকলক একোখনকৈ মৰাণ গামোছাৰে সম্বৰ্ধনা জ্ঞাপন কৰাৰ লগতে মতবিনিময় কৰে (Assam CM Himanta biswa Sarma in Tinsukia) ।