তিনিচুকীয়া, 17 মে’: তিনিচুকীয়াত অনুষ্ঠিত হোৱা তিনিদিনীয়া পঞ্চম জিলা উপায়ুক্ত সন্মিলনৰ আজি তৃতীয়টো অৰ্থাৎ শেষৰটো দিন ৷ আজি তৃতীয়দিনাৰ কাৰ্যসূচীত পুৱাই তিনিচুকীয়াৰ গেলাপুখুৰীৰ বাইপাছৰ কাষত নতুনকৈ নিৰ্মাণ কৰা কনভেনচন চেণ্টাৰত ৰাজ্যৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা উপস্থিত হোৱাৰ পাছতে আৰম্ভ হয় বৈঠক ৷ বৈঠকত ৰাজ্যৰ 31খন জিলাৰ উপায়ুক্ত, মুখ্য সচিবৰ লগতে কেইবাগৰাকীও কেবিনেট মন্ত্ৰী উপস্থিত থাকে (Assam CM attends 5th DC Conference in Tinsukia) ৷
মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই জানিবলৈ দিয়া অনুসৰি, প্ৰথমদিনা অনুষ্ঠিত হোৱা সমীক্ষা বৈঠকত জিলা উপায়ুক্তসকলে নিজ নিজ জিলাৰ পৰা উপস্থাপন কৰা বিষয়সমূহৰ পৰা প্ৰস্তুত কৰা প্ৰতিবেদন সন্দৰ্ভত মঙলবাৰে আগবেলা জিলা উপায়ুক্ত সন্মিলনত পুংখানুপুংখভাৱে আলোচনা কৰাৰ লগতে পাছবেলা জিলা উপায়ুক্ত কাৰ্যালয়সমূহ সমষ্টি পৰ্যায়লৈ লৈ যাবলৈ চলোৱা প্ৰস্তুতিৰ সন্দৰ্ভত গুৰুত্বপূৰ্ণভাৱে প্ৰতিটো দিশ চালিজাৰি চোৱা হয় ৷ এইসন্দৰ্ভত প্ৰস্তুত কৰা ৰূপৰেখাৰ সংশোধনৰ ওপৰতো আলোচনা হ’ব (Himanta Biswa Sarma in Tinsukia) ৷
সমান্তৰালভাৱে বুধবাৰে কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ 12 খন বিশেষ আঁচনি ৰূপায়নৰ ওপৰত সকলো দিশ সাঙুৰি আলোচনা কৰা হ’ব ৷ আনহাতে, প্ৰত্যেক ছয় মাহৰ মূৰে মূৰে জিলা উপায়ুক্তৰ সন্মিলন অনুষ্ঠিত হ’ব আৰু পৰৱৰ্তী জিলা উপায়ুক্ত সন্মিলনখন উত্তৰ লক্ষীমপুৰত অনুষ্ঠিত হ’ব বুলি জানিব পৰা গৈছে ৷ ঠিক একেদৰে জুন মাহত বঙাইগাঁৱত অনুষ্ঠিত হ’ব আগন্তুক আৰক্ষী অধীক্ষকৰ বৈঠক আৰু তাৰ পাছতে গুৱাহাটীত এদিন জিলা উপায়ুক্ত আৰু আৰক্ষী অধীক্ষকৰ সৈতে এখন যৌথ বৈঠক অনুষ্ঠিত কৰা হ’ব (DC conference at Tinsukia) ৷