তিনিচুকীয়া, 6 ছেপ্টেম্বৰ: ড৹ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন ৰাজ্য চৰকাৰৰ এক গুৰুত্বপূৰ্ণ অধিসূচনাক বিজেপি দলৰ এগৰাকী বিধায়কে অৱমাননা কৰাৰ গুৰুতৰ অভিযোগ উত্থাপন কৰিছে বিভিন্ন দল-সংগঠনে । চাহ জনগোষ্ঠীৰ জাতীয় উৎসৱ ‘কৰম পৰৱ’ উপলক্ষে ৬ ছেপ্তেম্বৰত ৰাজ্যৰ চাহ বাগিচাসমূহ বন্ধ ঘোষণা কৰি ৰাজ্য চৰকাৰৰ শ্ৰম বিভাগে ৫ ছেপ্তেম্বৰত এক অধিসূচনা জাৰি কৰিছিল (Assam Govt Declares Garden Holiday on Karam Puja)।
কিন্তু মঙলবাৰে দেখিবলৈ পোৱা গ'ল চৰকাৰী অধিসূচনাক অমান্য কৰি বাগিচাত কাম অব্যাহত ৰাখে চাহ শ্ৰমিকে । ইয়াৰ পাছতে ডুমডুমা সমষ্টিৰ প্ৰাক্তন বিধায়ক দূৰ্গা ভূমিজে(Doom Dooma Ex MLA Durga Bhumij) কয়, অসম চাহ মজদুৰ সংঘৰ সাধাৰণ সম্পাদক পদত অধিষ্ঠিত হৈ থকা ডুমডুমা সমষ্টিৰ বিজেপি বিধায়ক ৰূপেশ গোৱালাই(Doom Dooma MLA Rupesh Gowala) অসম চৰকাৰৰ নেতৃত্বাধীন শ্ৰম সংগঠনে(Assam Chah Mazdoor Sangha) চৰকাৰী নিৰ্দেশনাক চুড়ান্তভাৱে অৱমাননা কৰিছে ।