তিনিচুকীয়া, ১০ মাৰ্চ : তিনিচুকীয়া জিলাৰ কাকপথাৰৰ এটি কণমানিৰ নৃত্যই মুগ্ধ কৰি তুলিছে সমগ্ৰ ভাৰতবাসীক । কাকপথাৰৰ অতি ভিতৰুৱা এখন গাঁও টঙনা গাঁৱৰ ৰাজেন মৰাণ আৰু স্বৰ্ণালী মৰাণৰ ১০ বছৰীয়া সন্তান সুমন মৰাণে পশ্চিমবংগৰ কলকাতাত অনুষ্ঠিত হৈ থকা Zee Bangla ৰ “ডাঞ্চ বাংলা ডাঞ্চ”ৰ জুনিয়ৰ শাখাত নিজৰ অনন্য প্ৰতিভাৰ জৰিয়তে শীৰ্ষ দহটা স্থানত উপনীত হ’বলৈ সক্ষম হৈছে (Assam boy Suman Maran selected Dance Bangla Dance)।
শীৰ্ষ দহত উপনীত হোৱাত পিতৃ-মাতৃ, পৰিয়াল বৰ্গ, গাঁৱবাসীৰ লগতে সুমন মৰাণৰ প্ৰশিক্ষকগৰাকীও এই বাতৰি লাভ কৰি অতি আনন্দিত হৈ পৰিছে । ৭ বছৰ বয়সৰ পৰাই নৃত্য চৰ্চা কৰি আজিৰ দিনত ৰাষ্ট্ৰীয় টেলিভিছন চেনেলত নিজৰ প্ৰতিভা প্ৰদৰ্শনৰ বাবে কেনেদৰে সংগ্ৰাম কৰিব লগা হৈছে, সংবাদ মাধ্যমৰ আগত তাকো ব্যক্ত কৰিলে সুমন মৰাণৰ লগতে তেওঁৰ পিতৃ-মাতৃ আৰু প্ৰশিক্ষক প্ৰদীপ ভূজেলে ।
উল্লেখযোগ্য যে, ইয়াৰ পূৰ্বেও সুমন মৰাণে কালাৰচ্ টি ভি ৰ সম্প্ৰচাৰিত ডাঞ্চৰ প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিছিল ৷ কিন্তু দুৰ্ভাগ্যবসত আঘাতপ্ৰাপ্ত হৈ বাহিৰ হ’ব লগা হৈছিল সুমন মৰাণ । কিন্তু এইবাৰ যেন সকলোধৰণৰ বাধাক নেওচি শীৰ্ষ দহত উপনীত হ’বলৈ সক্ষম হ’ল সুমন মৰাণ (Suman Maran selected Dance Bangla Dance)৷