শদিয়া, ১৭ আগষ্টঃকাকপথাৰত CAA আৰু EIA লগতে কৃষক নেতা অখিল গগৈৰ মুক্তিৰ দাবীত অব্যাহত আছে তীব্ৰ প্ৰতিবাদ ৷ ৰুদ্ধ হোৱা নাই কাকপথাৰৰ সংগ্ৰামী জনতাৰ কন্ঠ ৷ প্ৰতিকূল বতৰকো নেওচি CAA বিৰোধী শ্ল'গানেৰে কঁপি উঠিল কাকপথাৰৰ প্ৰতিবাদস্থলী ৷ অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ আহ্বানত, তিনিচুকীয়া জিলা সমিতিৰ উদ্যোগত, কাকপথাৰ, ডুমডুমা, ফিল’বাৰী, ডাঙৰী, ছৈখোৱা, শদিয়া আঞ্চলিক সমিতিৰ সহযোগত প্ৰায় পাঁচ শতাধিক নেতা কৰ্মীয়ে বৃহৎ মানৱ শৃংখলেৰে সাব্যস্ত কৰিলে তীব্ৰ প্ৰতিবাদ ৷
কাকপথাৰত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ বৃহৎ মানৱ শৃংখল - অখিল গগৈৰ মুক্তিৰ দাবী
কাকপথাৰত CAA আৰু EIA বাতিলৰ লগতে অখিল গগৈৰ মুক্তিৰ দাবীত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ বৃহৎ মানৱ শৃংখল ৷
তিনিচুকীয়া জিলাৰ কাকপথাৰ চহৰ স্তব্ধ কৰি বৃহৎ মানৱ শৃংখলেৰে CAA , EIA বাতিল, অখিল গগৈৰ মুক্তিৰ দাবীত AJYCP য়ে উত্তাল কৰি তোলে কাকপথাৰ ৷ ক্ষুদ্ৰ চহৰ খনৰ মাজমজিয়াত গ্ৰহণ কৰা কাৰ্যসূচীত প্ৰতিবাদকাৰীসকলে "অখিল গগৈক মুক্তি দিয়ক","নাগৰিকত্ব সংশোধনী আইন-২০১৯ বাতিল কৰক", " ই,আই,এ-২০২০ খচৰা বাতিল কৰক", "অসমৰ জৈৱ বৈচিত্ৰ ৰক্ষা কৰক","কা আমি নামানো", "বিজেপি নিপাত যাওঁক", "বিজেপি গ'বেক" আদি বিভিন্ন শ্ল'গানেৰে কাকপথাৰৰ চহৰৰ পৰিৱেশ উত্তাল কৰি তোলে ৷ জাতিধ্বংসী নাগৰিকত্ব সংশোধনী আইন, ২০১৯ৰ লগতে ই আই এৰ খচৰা অনতিপলমে বাতিল কৰাৰ সমান্তৰাল ভাৱে কৃষক নেতা অখিল গগৈক বে-আইনী ভাবে ৰাজ্য চৰকাৰে কাৰাবাসত আৱদ্ধ কৰি ৰখা কাৰ্যক দুৰ্ভাগ্যজনক বুলি মন্তব্য পৰে সংগঠনটোৰ তিনিচুকীয়া জিলা সমিতিৰ সভাপতি সুৰজিত মৰাণে ৷