অসম

assam

ETV Bharat / state

তিনিচুকীয়াত আদিবাসী ছাত্ৰ সন্থাৰ প্ৰতিবাদ - প্ৰতিবাদ

অসমত থকা চাহ জনগোষ্ঠীয়-আদিবাসীসকলৰ বিষয়ে বিশিষ্ট সাহিত্যিক সুশীল কুর্মীয়ে লিখা এক অধ্যায়ৰ বিৰুদ্ধাচৰণ কৰিছে সদৌ আদিবাসী ছাত্ৰ সন্থা চমুকৈআছাই । সংগঠনটোৰ অভিযোগ যে সুশীল কুর্মীয়ে অসমত বসবাস কৰা আদিবাসী সকলৰ ভুল ব্যাখ্যা আগবঢ়াই স্কুলীয়া ছাত্ৰ- ছাত্ৰীসকল বিভ্ৰান্ত কৰিব বিচাৰিছে ।

পাঠ্যপুঠিৰ বিৰুদ্ধে প্ৰতিবাদ আদিবাসী ছাত্ৰ সন্থাৰ

By

Published : Jun 1, 2019, 9:40 PM IST

তিনিচুকীয়া, ১ জুনঃ অসম মাধ্যমিক শিক্ষা পৰিষদে প্ৰকাশ কৰা "বৈচিত্ৰ্যময় অসম" পাঠ্যপুথিখনকলৈ সদৌ অসম আদিবাসী ছাত্ৰ সন্থাৰ প্ৰতিবাদ । আদিবাসী সাহিত্যিক সুশীল কুর্মীৰ প্ৰতিমূৰ্তি দাহ প্ৰতিবাদকাৰীৰ ।

অসম মাধ্যমিক শিক্ষা পৰিষদে নৱম আৰু দশম শ্ৰেণীৰ বাবে দ্রুতপাঠ হিচাপে প্ৰকাশ কৰা "বৈচিত্ৰ্যময় অসম" নামৰ পাঠ্যপুথিৰ এটা বিশেষ অধ্যায়ক লৈ সদৌ অসম আদিবাসী ছাত্ৰ সন্থাৰ তীব্ৰ প্ৰতিবাদ । পাঠ্যপুথিখনত অসমৰ বিভিন্ন জাতি-জনগোষ্ঠীৰ ইতিবৃত্তৰ বিষয়ে লেখকসকলে বৰ্ণনা দাঙি ধৰিছে । অসমত থকা চাহ জনগোষ্ঠীয়-আদিবাসীসকলৰ বিষয়ে বিশিষ্ট সাহিত্যিক সুশীল কুর্মীয়ে লিখা এক অধ্যায়ৰ বিৰুদ্ধাচৰণ কৰিছে সদৌ আদিবাসী ছাত্ৰ সন্থা চমুকৈআছাই । সংগঠনটোৰ অভিযোগ যে সুশীল কুর্মীয়ে অসমত বসবাস কৰা আদিবাসী সকলৰ ভুল ব্যাখ্যা আগবঢ়াই স্কুলীয়া ছাত্ৰ- ছাত্ৰীসকল বিভ্ৰান্ত কৰিব বিচাৰিছে । ইয়াৰ বিৰুদ্ধে আজি আছাৰ তিনিচুকীয়া জিলা সমিতি আৰু ডুমডুমা আঞ্চলিক সমিতিয়ে ডুমডুমা গান্ধী চকত সাহিত্যিক সুশীল কুর্মীৰ প্ৰতিকৃতি দাহ কৰি তীব্ৰ প্ৰতিবাদ জনায় ।

পাঠ্যপুঠিৰ বিৰুদ্ধে প্ৰতিবাদ আদিবাসী ছাত্ৰ সন্থাৰ

ABOUT THE AUTHOR

...view details