তিনিচুকীয়া, ১০ এপ্ৰিল : তিনিচুকীয়াৰ থানা চাৰিআলিস্থিত ডাক বাংলো প্ৰাংগণত সোমবাৰৰ পৰা আৰম্ভ হৈছে অসমী ব'হাগী মেলা (Asomi Bohagi Mela at Tinsukia) । এই অসমী ব'হাগী মেলাখনৰ শুভ উদ্বোধন কৰে তিনিচুকীয়া জিলাৰ উপায়ুক্ত স্বপ্নীল পালে । ১২ এপ্ৰিললৈকে অনুষ্ঠিত হ'বলগীয়া অসমী ব'হাগী মেলাখনত মুঠ ৩১ খন বিপনী স্থাপন কৰা হৈছে ।
অসম ৰাজ্যিক গ্রামীণ জীৱিকা অভিযানৰ তিনিচুকীয়া জিলাৰ গুইজান, ইটাখুলি, মাৰ্ঘেৰিটা, কাকপথাৰ, হাপজান, ছৈখোৱা আৰু শদিয়া খণ্ডৰ পৰা আত্ম সহায়ক গোট, গ্ৰাম্য সংগঠন তথা মণ্ডল পৰ্যায়ৰ সংগঠনৰ মুঠ ৭০ গৰাকী মহিলাই এই অসমী ব'হাগী মেলাত অংশগ্ৰহণ কৰিছে (Assam State Rural Livelihoods Mission) ।
অসমী ব'হাগী মেলাত জিলাখনৰ উদ্যমী মহিলা, শিপিনী সকলে হাতে বৈ উলিওৱা চেনেহৰ বিহুৱানখনিৰ পৰা আৰম্ভ কৰি পৰম্পৰাগত সাজপাৰ, সকলো ধৰণৰ পিঠা-পনা, জলপান, গৰু বিহুৰ চাটৰ সকলো সম্ভাৰ, জেতুকা, আমৰলি টোপ, এশ এবিধ শাকৰ সম্ভাৰৰ লগতে সকলো থলুৱা সামগ্রী উপলব্ধ হৈছে (Tinsukia DC inaugurated Bohagi Mela)। জিলা উপায়ুক্ত স্বপ্নীল পালে অসমী ব'হাগী মেলাত অংশগ্ৰহণ কৰা মহিলাসকলক থলুৱাভাৱে উৎপাদিত গামোচা, মেখেলা চাদৰৰ লগতে অন্যান্য খাদ্যসম্ভাৰেৰে স্থানীয় বজাৰ দখল কৰিবলৈ আহ্বান জনায় ।