অসম

assam

ETV Bharat / state

মৰাণ ছাত্ৰ সন্থাৰ প্ৰাক্তন সভাপতি অৰুণজ্যোতি মৰাণৰ বিজেপিত যোগদান

গেৰুৱা বসন পৰিধান কৰিলে মৰাণ ছাত্ৰ সন্থাৰ প্ৰাক্তন সভাপতি অৰুণজ্যোতি মৰাণে । বৃহস্পতিবাৰে গুৱাহাটীৰ হেঙেৰাবাৰীস্থিত বিজেপিৰ মুখ্য কাৰ্যালয়ত ৰাজ্যিক সভাপতি ৰঞ্জিত দাসৰ উপস্থিতিত দলত যোগদান কৰে ।

By

Published : Jan 7, 2021, 5:05 PM IST

সদৌ মৰাণ ছাত্ৰ সন্থাৰ প্ৰাক্তন সভাপতি অৰুণজ্যোতি মৰাণৰ বিজেপিত যোগদান
সদৌ মৰাণ ছাত্ৰ সন্থাৰ প্ৰাক্তন সভাপতি অৰুণজ্যোতি মৰাণৰ বিজেপিত যোগদান

তিনিচুকীয়া, ৭ জানুৱাৰী: 'কা' বিৰোধী আন্দোলনত মৰাণ জনগোষ্ঠীক নেতৃত্ব দিয়া সদৌ মৰাণ ছাত্ৰ সন্থাৰ প্ৰাক্তন সভাপতি অৰুণজ্যোতি মৰাণে ভাৰতীয় জনতা পাৰ্টীৰ সদস্যপদ গ্ৰহণ কৰিলে । ১৯৯৭ চনত তেওঁ সদৌ মৰাণ ছাত্ৰ সন্থাৰ সৈতে আনুষ্ঠানিকভাৱে জড়িত হৈছিল । ইয়াৰ পিছতে তিনিচুকীয়া আঞ্চলিক সমিতিৰ সমাজ সেৱা সম্পাদক হিচাপে দায়িত্ব পালন কৰে । ২০০১ চনৰ পৰা ২০২০ চনলৈ ক্ৰমান্বয়ে কাৰ্যনিবাহক সদস্য,সহকাৰী সাধাৰণ সম্পাদক, সাংগঠনিক সম্পাদক, সাধাৰণ সম্পাদক,উপদেষ্টা আৰু সভাপতিৰ দায়িত্বভাৰ গ্ৰহণ কৰে নকুল চুতীয়া আৰু ইনভা চুতীয়াৰ পুত্ৰ অৰুণজ্যোতিয়ে ।

সদৌ মৰাণ ছাত্ৰ সন্থাৰ প্ৰাক্তন সভাপতি অৰুণজ্যোতি মৰাণৰ বিজেপিত যোগদান

তেওঁ ১৯৯৮ চনৰ পৰা ২০০১ চনলৈ ক্ৰমে পুৰণি মতাপুং কৰ্মবীৰ সংঘৰ শিক্ষা আৰু সাংস্কৃতিক সম্পাদক,সাধাৰণ সম্পাদক আৰু উপদেষ্টা হিচাপে সেৱা আগবঢ়ায় । ১৯৯৮ চনৰ পৰা ২০০৫ চনলৈ বাৰেকুৰি আঞ্চলিক যুৱ সংঘৰ আলোচনী সম্পাদক,সাধাৰণ সম্পাদক আৰু সভাপতিৰ দায়িত্বত থাকে । বাৰেকুৰি কাপ ফুটবল প্ৰতিযোগিতা আৰু বদৌচা কাপ ফুটবল প্ৰতিযোগিতাৰ প্ৰতিষ্ঠাপক অৰুণজ্যোতি মৰাণ ।

বদৌচা স্পৰ্টছ ক্লাৱৰো সভাপতি আছিল ন-বিজেপি অৰুণজ্যোতি মৰাণ । তেওঁ জনগোষ্ঠীয় ঐক্য মঞ্চৰ আহ্বায়ক আৰু জনগোষ্ঠীয় সমন্বয়ৰক্ষী সমিতিৰ সমন্বয়ক হিচাপেও দায়িত্ব পালন কৰিছে । ৭৩ সংখ্যাক অসম সাহিত্য সভাৰ বুঢ়ীদিহিং-বৰডুমচা অধিৱেশনৰ অভ্যৰ্থনা সমিতিৰ সাধাৰণ সম্পাদক আছিল । ২০১৮ চনত অসম সাহিত্য সভাৰ জনগোষ্ঠীয় যুৱ ছাত্ৰ সংগঠন সমূহৰ সমন্বয়ৰক্ষী কোষৰ আহ্বায়কৰ দায়িত্বত আছিল অৰুণজ্যোতি মৰাণ ।

২০১৯ চনৰ পৰা বৰ্তমানলৈকে অসম অলিম্পিক সন্থাৰ সহকাৰী সম্পাদক হিচাপে কাম কৰি আছে । অসম হেণ্ডবল সন্থাৰ উপ-সভাপতি আৰু জ্যেষ্ঠ উপ-সভাপতিৰ দায়িত্বতো আছিল অৰুণজ্যোতি মৰাণ । তিনিচুকীয়া জিলা ক্ৰীড়া সন্থা, সদৌ অসম নবীন লেখক-লেখিকা সমাৰোহৰ সদস্য হোৱাৰ লগতে বাৰেকুৰি মহাবিদ্যালয় আৰু বাৰেকুৰি শাখা সাহিত্য সভা প্ৰতিষ্ঠাৰ ক্ষেত্ৰত অৰুণজ্যোতি মৰাণে অগ্ৰণী ভূমিকা গ্ৰহণ কৰিছিল । তিনিচুকীয়াৰ পুৰণি মতাপুং গাঁৱত জন্মগ্ৰহণ কৰা অৰুণজ্যোতি মৰাণ বৰ্তমান ডিগবৈৰ বাসিন্দা ।

লগতে পঢ়ক:ডিব্ৰুগড়ত কৃষি আইনৰ বিৰুদ্ধে একাধিক সংগঠনৰ পথ অৱৰোধ

ABOUT THE AUTHOR

...view details