তিনিচুকীয়া, ২৮ ফেব্ৰুৱাৰী: এইবাৰ অৰুণাচলীৰ হাতত আৱদ্ধ অসমীয়া বোৱাৰী (Arunachali holding a Assam woman) । অসমৰ এহাল স্বামী-স্ত্ৰীৰ সৈতে এই ঘটনা সংঘটিত হৈছে । ঘটনা অনুসৰি অৰুণাচল প্ৰদেশৰ ৰয়িঙৰ ৭৩ নম্বৰ নামৰ ঠাইত তিনিচুকীয়া জিলাৰ ফিল'বাৰীৰ এক দম্পত্তিয়ে চিপি লাংগি নামৰ এজন লোকৰ অধীনত কাম কৰি আছিল । কৰ্মৰত লোকজন ফিল'বাৰী মহমৰা গাঁৱৰ ধীৰাজ ছেত্ৰী আৰু তেওঁৰ পত্নী বুলি জানিব পৰা গৈছে ৷
ধীৰাজ চেত্ৰী আৰু তেওঁৰ পত্নীয়ে ২৫ ফেব্ৰুৱাৰী তাৰিখে তিনিচুকীয়া ফিল’বাৰীৰ নিজা ঘৰলৈ আহিব বিচৰাত চিপি লাংগি নামৰ লোকজনে ধীৰাজক ঘৰলৈ যাবলৈ অনুমতি প্ৰদান কৰে যদিও পত্নীক ঘৰলৈ যাবলৈ বাধা প্ৰদান কৰে ৷ কিন্তু ধীৰাজ চেত্ৰীয়ে পত্নীক এৰি আহিবলৈ অমান্তি হোৱাত হাতত ১ লাখ টকাৰ এখন চেক আৰু ২০ হাজাৰ টকাৰ নগদ ধন দি দাবী ধমকিৰে খেদাই পঠিয়াই(Arunachali detains Assamese woman) । যদিহে পত্নীক নিবলৈ চেষ্টা কৰে তেন্তে মানুহ লগাই ধীৰাজক চিপি লাংগি নামৰ লোকজনে হত্যা কৰা ভাবুকি দিয়া বুলিও উল্লেখ কৰে ধীৰাজ চেত্ৰীয়ে ।
পৰৱৰ্তী সমময়ত ঘৰলৈ আহি পোৱাৰ পাছত ঘটনা সম্পৰ্কে ধীৰাজ ছেত্ৰীয়ে পৰিয়াল তথা আত্মীয়ক এই কথা জনোৱাৰ পাছতে ফিল’বাৰীত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হোৱাৰ লগতে পৰিয়ালে ডুমডুমা আৰক্ষী থানাত উক্ত ঘটনাৰ সন্দৰ্ভত এজাহাৰ দাখিল কৰিবলৈ যায়(Husband accuses wife of being stranded by Arunachali) । কিন্তু ৰহস্যজনকভাৱে অৰুণাচল প্ৰদেশৰ ৰয়িঙত ঘটনাটো সংঘটিত হোৱাৰ বাবে ডুমডুমা আৰক্ষীয়ে এজাহাৰ গ্ৰহণ কৰিব পৰা নাযাব বুলি ঘূৰাই পঠিওৱা বুলি জানিবলৈ দিয়ে ।