তিনিচুকীয়া, ১২ জানুৱাৰী :বুধবাৰে নিশা তিনিচুকীয়াত আৰক্ষীয়ে বৃহৎ পৰিমাণৰ অৰুণাচলী সুৰাসহ আটক কৰে ৬ সৰবৰাহকাৰীক (Arunachal liquor smuggler detained in Tinsukia) ৷ উল্লেখ্য, অসম-অৰুণাচল সীমান্তৰ তিনিচুকীয়া জিলাৰ ডিৰাক গে'টৰ লগতে বিভিন্ন পথেৰে দীৰ্ঘদিনৰ পৰা কম মূল্যত পোৱা অৰুণাচলী বিলাতী সুৰা একাংশ দুষ্ট চক্ৰই তিনিচুকীয়া জিলাৰ মাজেৰে সৰবৰাহ কৰি আহিছে (Arunachal liquor smuggling to Assam) ।
এই সন্দৰ্ভত বিভিন্ন সময়ত আৰক্ষীয়েও অভিযান চলাই সফলতা লাভ কৰি আহিছে ৷ বুধবাৰে নিশাও আৰক্ষীয়ে লাভ কৰে অৰুণাচলী সুৰাৰ চোৰাং সৰবৰাহৰ এক বিশেষ খবৰ ৷ অৰুণাচলৰ পৰা অসমৰ দিশে এক বৃহৎ পৰিমাণৰ অবৈধ সুৰা সৰবৰাহ কৰাৰ সম্ভাৱনা থকাৰ খবৰ লাভ কৰে তিনিচুকীয়া আৰক্ষীয়ে (Tinsukia police detained Arunachal liquor smuggler) ৷ উক্ত বিশেষ খবৰৰ ভিত্তিতে উপ-আৰক্ষী অধীক্ষক পাৰ্থ প্ৰতিম দুৱৰা আৰু বৰডুমছা আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া নিতুল চাংমাইৰ নেতৃত্বত বুধবাৰে মাজনিশা বৰডুমছা আৰক্ষীৰ এটা দলে ডিৰাক অঞ্চলৰ সমীপত এক অভিযান চলায় ।
অভিযানৰ সময়ত আৰক্ষীৰ দলটোৱে লাভ কৰা বিশেষ খবৰৰ তথ্যক প্ৰমাণিত কৰি এখন ১২ চকীয়া ট্ৰাকসহ ৩ খন বাহন, নগদ ৮৬ লাখ ৩৩ হাজাৰ ৮০০ টকা, ৬০৩ কাৰ্টন অৰুণাচলী সুৰা জব্দ কৰে (liquor smuggling truck seized in Tinsukia) । লগতে সুৰা সৰবৰাহৰ লগত জড়িত ৮ জন ব্যক্তিক আৰক্ষীয়ে আটক কৰিবলৈ সক্ষম হয় । জব্দ কৰা ট্ৰাকখনৰ নম্বৰ হৈছে NL01 AE5393 ।